শিৱসাগৰত সেনা আৰক্ষীৰ ব্যাপক তালাচী অভিযান

শিৱসাগৰত সেনা আৰক্ষীৰ ব্যাপক তালাচী অভিযান

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰস্তুতি শিৱসাগৰত সম্পূৰ্ণ হৈ উঠিছে।শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হব শিৱসাগৰ আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি খেল পথাৰ খনত দিনে ৰাতিয়ে পহৰাৰ ব্যৱস্থা কৰিছে।সমান্তৰাল ভাৱে সম্ভাব্য কূটাঘাতৰ আশংকা কৰি শিৱসাগৰ নগৰৰ মূল প্ৰৱেশ পথ কেইটাৰ লগতে বিভিন্ন স্থানত ব্যাপক তালাচী অভিযান চলাইছে।ইফালে আলফা নেতা মানস অসমৰ নেতৃত্বত ছয়জনীয়া আলফাৰ দলে কূটাঘাতৰ উদ্দেশ্যৰে শিৱসাগৰ- নাগালেণ্ড সীমান্তত শিৱসাগৰত প্ৰবেশৰ বাবে বাহৰ পতাৰ খবৰ স্বীকাৰ কৰি শিৱসাগৰ আৰক্ষীয়ে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ কথা স্বীকাৰ কৰিছে ৷ সকলো ঠাইতে নাকা চেকিং পোষ্ট বহোৱাৰ কথা জনালে আৰক্ষীয়ে ৷অ এন জি চি ৰ তেল খাদ,তেল পৰিবাহী পাইপ লাইন আদিৰ লগতে বাচ আস্থান, ৰেল ষ্টেচন,বজাৰ সমাৰ আদিকে ধৰি জন সমাগম হোৱা প্ৰতিটো স্থানতে নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com