শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসাৱগাৰ কাষত নৱজাতক উদ্ধাৰ

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসাৱগাৰ কাষত নৱজাতক উদ্ধাৰ

সভ্য সমাজক জুকাৰি যোৱা এক ভয়ংকৰ কাণ্ড সংঘটিত হল শিৱসাগৰত ৷ হৃদয় কপাঁই নিয়া এই নিদাৰুন ঘটনা সংঘটিত হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত ৷হৃদয়হীন কোনো পাষান পিতৃ মাতৃয়ে এটি দেৱ শিশু আজি সন্ধিয়া শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এটা প্ৰসাৱ গাৰৰ কাষৰ এখন অস্থায়ী চালিত পেলাই থৈ যোৱাক লৈয়েই সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ ৷

প্ৰাপ্ত বাতৰি মতে ২০০ খন বিছনাযুক্ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মুল ভৱনৰ লগত সংলগ্ন প্ৰসাৱ গাৰটোৰ কাষৰ পৰা পৰা আজি সন্ধিয়া এগৰাকী মহিলা আৰু চতুৰ্থ বৰ্গৰ এজন চাফাই কৰ্মীয়ে শিশুৰ কান্দোনৰ মাত ভাহি অহা শুনিবলৈ পাই ৷লগে লগেই চাফাই কৰ্মী জনে পৰি থকা এটা মোনাৰ ভিতৰৰ পৰা কান্দোনৰ শব্দটো ভাহি অহাটো নিশ্চিত হোৱাত মোনাটো খোলাত মোনাটোৰ ভিতৰৰ পৰা দেৱশিশুটি ওলাই পৰে লগে লগেই চাফাই কৰ্মীজনে এই সন্দৰ্ভদ চিকিৎসালয় কৰতৃপক্ষৰ লগতে কৰ্তব্যৰত চিকিৎসকক অৱগত কৰি শিশুটিক উদ্ধাৰ কৰি জৰুৰী কক্ষত ভৰ্তি কৰাই ৷

ঘটনাৰ খবৰ পাই আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে ৷ইতিমধ্যে চিকিৎসালয় খনৰ শিশু ৰোগ বিভাগত শিশু বিশেষঞ্জ্য চিকিৎসকৰ তত্বাৱধানত থকা দেৱ শিশুটি বৰ্তমান সুস্থ বুলি চিকিৎসকে জানিবলৈ দিয়াৰ লগতে শিশুটি ১৫ দিনৰ পুৰ্বে জন্ম হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ইতিমধ্য নাড়ী সৰা দেৱ শিশুটি কন্যা সন্তান বুলি চিকিৎসকে জনাইছে ৷সন্দেহ কৰা মতে কোনো পাষান পিতৃ মাতৃয়ে কন্যা শিশু জন্ম হোৱাৰ বাবেই দেৱ শিশুটিক এনেদৰেই চিকিৎসালয়ৰ চৌহদত পেলাই দিছে অথবা অবৈধ মাতৃত্বৰ বোজা আতৰাবলৈকে ১৫ দিনীয়া শিশুটিক চিকিৎসালয়ৰ চৌহদত পেলাই থৈ গৈছে ৷অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃততে শিশুটিক কোনে আনি ইয়াত পেলাই থৈ গলহি ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com