শোনিতপুৰৰ খনামুখত বিজেপিৰ পৃষ্ঠপোষক নিযুক্তি সভা

শোনিতপুৰৰ খনামুখত বিজেপিৰ পৃষ্ঠপোষক নিযুক্তি সভা

শোণিতপুৰ জিলাৰ খনামুখত আজি বিজেপি দলৰ এখন পৃষ্ঠপোষক নিযুক্তি সভা আহ্বান কৰা হয়। উক্ত সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থাকি বিজেপি দলক আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত তথা আগন্তক লোকসভা নিৰ্বাচনত যাতে বিজেপি দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় তাৰ বাবে শোনিতপুৰ জিলাখনৰ প্ৰায় ১১০০০ কৰ্মকতাক নিযুক্তি দিয়া হয় আনুষ্ঠানিকভাৱে। উক্ত সভাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা লগতে ৰঙাপৰা সমষ্টীৰ বিধায়ক পল্লৱলোচন দাস উপস্থিত থাকি দলটোৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে দলে কৰা উন্নয়নমূলক কাম কাজ সমূহৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰে।ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে বৃহৎ নদীবান্ধ সম্পৰ্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com