সৰুপথাৰত ধনদাবীৰ অভিযোগত আমছুৰ নেতা গ্ৰেপ্তাৰ

সৰুপথাৰত ধনদাবীৰ অভিযোগত আমছুৰ নেতা গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাট সীমান্তৰ দৈয়াং নদীৰ এটা শিল কুৱেৰীৰ মালিকক দাবী ধমকি দি ধন দাবী কৰা গোচৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ আঠ জনকৈ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোলাঘাট জিলা সমিতিৰ সভাপতি-সম্পাদকসহ নেতা কেইজনক আজি ধনশিৰি মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ।

গ্ৰেপ্তাৰ হোৱা নেতাসকল হল ক্ৰমে সভাপতি কাদিৰ আলী,সম্পাদক ইশ্বাদ হুচেইন,ইয়াচিন আলী উপ সভাপতি, মুচফিক আলী উপ সভাপতি ,মুখ্য সাংগঠনিক সম্পাদক চাহিদুৰ ৰহমান,উপ সভাপতি আলটাৱ আলী,ইমৰান হুচেইন আৰু আইনুল হক বুলি জানিব পৰা গৈছে।

উৰিয়ামঘাট আৰক্ষীয়ে শিল কুৱেৰীৰ মহৰিয়ে দিয়া এজাহাৰৰ ভিত্তিত কালি নিশা সোধপোচ কৰাৰ পাচত আজি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।তেওঁলোক অহা এএছ০৫এফ০১১০ নম্বৰৰ ইনভা গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে । ইফালে ধৃত আমছু নেতা কেইজনে ধন দাবী কৰা কথা অস্বীকাৰ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com