হাতীচোঙত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাতীচোঙত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
Published on

নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীচোং সোণাৰী গাঁৱৰ এজন ব্যক্তিৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে গাঁওখনৰ নিৱাসী তথা তিনি সন্তানৰ পিতৃ ভূপেন বণিয়া ৰ মৃতদেহ আজি গাঁৱৰে এঘৰ লোকৰ বাৰীৰ পিছফালৰ এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় লোকে ।

প্ৰায় ৪৩ বছৰীয়া মৃত লোকজন বিগত তিনিদনে সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছে ।উৱলি যোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰা মাত্ৰকে এক হুৱা দুৱা পৰিস্থিতিৰ সৃষ্টি হয় গাঁওখনত ।

লগে লগে স্থানীয় ৰাইজে জাজৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি মানসিক ৰোগাক্ৰান্তৰ দৰে আচৰণ কৰি থকা ব্যক্তি গৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com