হোজাইৰ ক’লেজত ঢলি পৰিল ২১গৰাকীকৈ ছাত্ৰী

হোজাইৰ ক’লেজত ঢলি পৰিল ২১গৰাকীকৈ ছাত্ৰী
Published on: 

গৰমৰ প্ৰকোপে সকলোকে জুৰুলা কৰিছে।যোৱা তিনিদিন ধৰি সমগ্ৰ অসমতে তাপমাত্ৰা বৃদ্ধিয়ে সকলোকে হাৰাশাস্তি কৰিছে।এনে গৰমতে হোজাইত সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা।

হোজাইৰ মৰিয়ম আজমল অ’মেন আৰ্টছ কলেজত ক্লাছ চলি থকা অৱস্থাত উৎকট গৰমত ঢলি পৰিল ২১ গৰাকীকৈ ছাত্ৰী। আটাইকেইগৰাকী ছাত্ৰীকে ভৰ্তি কৰোৱা হৈছে হাম হাস্পতালত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com