দূৰ্নীতি আৰু অন্যায়ৰ বিৰুদ্ধে আপোচ বিহীন ভাৱে কৰ্ম সম্পাদন কৰা ৭ জন ব্যক্তিক শূন্য সহনশীল বঁটা ২০১৮ প্ৰদান কৰিব দূৰ্নীতি বিৰোধী যুব শক্তি অসমে । বিশ্ব দূৰ্নীতি বিৰোধী দিবসৰ লগত সঙ্গতি ৰাখি অহা ৮ আৰু ৯ ডিচেম্বৰ তাৰিখে লক্ষীমপুৰত প্ৰদান কৰা হব এই বঁটা । দূৰ্নীতি বিৰোধী যুব মঞ্চ অসমে প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰিব ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানু , ৰেলৱে আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান আৰ চন্দ্ৰ নাথন , আৰ টি আই কৰ্মী দুলাল বৰা , অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক কবিৰ শইকীয়া, আমাৰ অসম কাকতৰ সাংবাদিক নিপা কাকতি , প্ৰাগ নিউজৰ সাংবাদিক বিতুপন বৰা , নিউজ 18 ৰ সাংবাদিক বলেন ভট্টাচাৰ্যক । শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই সম্পৰ্কে সবিশেষ তথ্য দাঙি ধৰে দূৰ্নীতি বিৰোধী যুব শক্তি অসমৰ বিষয়ববীয়া সকলে ।