ৰঙিয়াত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত

ৰঙিয়াত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত

ৰঙিয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । হত্যাৰ প্ৰায় এসপ্তাহ পিছত বৃহস্পতিবাৰে উদ্ধাৰ হৈছে ব্যক্তি জনৰ মৃতদেহ । মৃত ব্যক্তিজন হৈছে ৰঙিয়াৰ বঙালীকুছি হাতীখোলাৰ দিলীপ কলিতা (৪০) । ব্যক্তিজনক চোকা অস্ত্ৰৰে হত্যা কৰি জ্বলাই দিয়াৰ সন্দেহ । ঘটনাটোকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্র চাঞ্চল্য । ইফালে নিজ পুত্ৰ‌ই হত্যা কৰাৰ সন্দেহ কৰিছে একাংশ লোকে ।

সোধা-পোছাৰ বাবে মৃতকৰ পুত্ৰ প্ৰাঞ্জল কলিতা ওৰফে প্ৰাণজিৎ কলিতাক আটক কৰে আৰক্ষীয়ে । বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীত থকা দিলীপ কলিতাৰ একমাত্ৰ পুত্ৰ প্ৰাঞ্জলে নিজ গৃৃৃহৰ পৰা দুৰ্গন্ধ ওলোৱা বুলি ৰাইজক অৱগত কৰায় । কোনো লোকে হত্যা কৰি পিতৃক এনেদৰে থৈ যোৱা বুলি গঞা লোকসকলক কয় । পিছত ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । ঘৰটোৰ বাহিৰত এটি বৃহৎ আকাৰৰ গাত খান্দি ৰখাত সহজভাৱে লব পৰা নাই স্থানীয় ৰাইজে ।

প্ৰায় এসপ্তাহ পূৰ্বে পুত্ৰ প্ৰাঞ্জলে এবাৰ পিতৃৰ ওচৰলৈ অহা বুলি জানিবলৈ দিয়ে । তাৰ পিছত হঠাৎ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা নিজ গৃহত উপস্থিত হৈ কুলাংগাৰ পুত্ৰজনে পিতৃৰ হত্যাৰ বিষয়ে জনোৱাত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে । অকলশৰে থকা ব্যক্তিজনৰ লগত পুত্ৰ প্ৰাঞ্জলে মাজে সময়ে কাজিয়া কৰি আহিছিল । আনকি পিতৃক বেয়াকৈ মাৰধৰো কৰিছিল বুলি অভিযোগ প্ৰকাশ । আনহাতে মৃতকৰ গাৰু আৰু আঠুঁৱাত তেজ লাগি থকাকলৈ চাই মূৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত জ্বলাই দিয়াৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰা হৈছে । সোধা-পোছাৰ বাবে মৃতকৰ পুত্ৰ প্ৰাঞ্জলক আৰক্ষীয়ে কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com