ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত এজন নিহত

ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত এজন নিহত

ৰঙিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । ভূটান ৰয়েল আৰ্মিৰ গাড়ীৰ খুন্দাত নিহত এজন লোক । নিহত লোকজন হৈছে কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱৰ নবীন দাস (৫০) । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । বৃহস্পতিবাৰে কনিষ্ঠ ভাতৃৰ বাইকত কিছু কামৰ বাবে ৰঙিয়ালৈ আহিছিল লোকজন । প্ৰত্যক্ষদৰ্শী লোকে জানিবলৈ দিয়া মতে বিষ্ণু মন্দিৰৰ সমীপত তিনিআলি অভিমুখী বাইক আৰোহীৰ এজন পৰি যোৱাত পিছে পিছে আহি থকা এখন ভূটান ৰয়েল আৰ্মিৰ গাড়ীয়ে খুন্দা মৰাত লোকজন থিতাতে নিহত হয় । শেহতীয়াভাৱে ৰঙিয়াত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গাড়ীয়ে সংঘটিত কৰা দুৰ্ঘটনাৰ সংখ্যা মাত্ৰাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com