অসম সচিৱালয়ৰ কৰ্মচাৰী বৃন্দ ওলাই আহিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে

অসম সচিৱালয়ৰ কৰ্মচাৰী বৃন্দ ওলাই আহিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে
Published on

অসম সচিৱালয়ৰ কৰ্মচাৰী বৃন্দ ওলাই আহিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে। অৱশেষত ওলাই অসম সচিবালয়ৰ কৰ্মচাৰী বৃন্দ । অসম সচিবালয়ৰ কৰ্মচাৰী সকলে গুৱাহাটী দিছপুৰত হৈ থকা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদত অংশ গ্ৰহণ কৰিবলৈ ওলাই আহিল ।

তথ্য অনুসৰি কৰ্মচাৰী সকলে সকলো ধৰণৰ চৰকাৰী কাম কাজ এৰি দিছপুৰ সচিবালয়ৰ সন্মুখত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিয়ে ।

উল্লেখযোগ্য যে অসমৰ পৰিস্থিতি অধিক অস্থিৰ হৈ আছে । আৰক্ষী আৰু প্ৰতিবাদ কাৰী সকলৰ মাজত হোৱা সংঘাতত বহু প্ৰতিবাদ কাৰী আহত হয় লগতে আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুলা গেছ নিক্ষেপ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com