লোকসভাত উত্থাপন নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ , ৮২ ৰ তুলনাত ২৯৩ ভোটেৰে প্ৰস্তাৱ স্বীকাৰ

লোকসভাত উত্থাপন নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ , ৮২ ৰ তুলনাত ২৯৩ ভোটেৰে প্ৰস্তাৱ স্বীকাৰ

লোকসভাত উত্থাপন নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ , ৮২ ৰ তুলনাত ২৯৩ ভোটেৰে প্ৰস্তাৱ স্বীকাৰ । অৱশেষত লোকসভাত উত্থাপন হল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিধেয়ক সম্পৰ্কে হোৱা ভোটত গ্ৰহনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থাকে ২৯৩ আৰু বিৰোধিতা কৰি ৮২ টা ভোট সাব্যস্ত কৰে ।

আজিয়েই গৃহীত হ'ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ । নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিয়লি ৩.৩০ বজাত হ'ব আলোচনা । ৪ ঘন্টা ধৰি হ'ব লগীয়া এই আলোচনা আৰম্ভ কৰিব কিৰণ ৰিজিজুৱে আৰম্ভ কৰিব এই আলোচনা । সন্ধিয়া ৭.৩০ বজাত গৃহীত হ'ব কেব ।

আজি লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক খন উত্থাপন কৰে । ৰাজপথৰ পৰা সংসদলৈ বিৰোধিতা হ'ল জাতিধ্বংসী বিধেয়ক খনৰ বিৰুদ্ধে। অসমীয়া জাতিৰ অস্তিত্ব সংকটত পেলাই, জনগনৰ আন্দোলনক ভেঙুচালী কৰি অৱশেষত অমিত শ্বাহে লোকসভাত উত্থাপন কৰে বিধেয়ক খন। তাৰ আগেয়ে বি জে পি য়ে সাংসদ সকলৰ বাবে হুইপ জাৰি কৰিছিল ।

তদুপৰি এই বিধেয়ক খনৰ ওপৰত অমিত শ্বাহে কয় যে বিধেয়ক খনৰ প্ৰয়োজন কংগ্ৰেছৰ বাবেহে হ'ল । ধৰ্মৰ আধাৰত কংগ্ৰেছে দেশ বিভাজন কৰিছে । যদি কংগ্ৰেছে ধৰ্মৰ ভিত্তিত দেশ বিভাজন নকৰিলে হয় তেতিয়া হলে এই বিধেয়ক খনৰ প্ৰয়োজন নহ'ল হয় বুলি কয় অমিত শ্বাহে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com