অভিনেতা,ডাৰেক্টৰ ৰাকেশ ৰোশন আক্ৰান্ত কৰ্কট ৰোগতঃঋতিক ৰোশনে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

অভিনেতা,ডাৰেক্টৰ ৰাকেশ ৰোশন আক্ৰান্ত কৰ্কট ৰোগতঃঋতিক ৰোশনে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

সোনালী বেন্দ্ৰে,ইৰফান খানৰ পিছত সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্ত হৈছে অভিনেতা ঋতিক ৰোশনৰ পিতৃ ডায়ৰেক্টৰ ৰাকেশ ৰোশন (Rakesh Roshan । এই কথা মংগলবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰে ঋতৃক ৰোশনে।ঋতিক ৰোশনে কয় যে কিছু সপ্তাহৰ পূৰ্বে ৰাকেশ ৰোশনৰ কৰ্কট ৰোগৰ সম্পৰ্কে জানিব পাৰে ৷ ইফালে ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰি ঋতিক ৰোশনে লিখে যে পাপা মোৰ জীৱনৰ সকলোতকৈ শক্তিশালী লোকৰ ভিতৰত এজন ৷ তেওঁ মোৰ জীৱনৰ অনুপ্ৰেৰণা । তেওঁ চাৰ্জাৰী কৰা দিনটোতো কোনো কাম ক্ষতি হোৱাটো নিবিছাৰে ৷

অন্যহাতে, ৰাকেশ ৰোশনৰ ডিঙিৰ কৰ্কট ৰোগ(Squamous cell carcinoma of the throat) ত আক্ৰান্ত হৈছে ৷ এই কৰ্কট ৰোগ হৈছে ৬৫ বছৰতকৈ অধিক বয়সৰ লোকৰ হয়। লগতে এই ৰোগ অধিক মদ, ধুম্ৰপান কৰাৰ কাৰণে হ’ব পাৰে৷ এই কৰ্কট ৰোগ হোৱাৰ লগে লগে ডিঙিত প্ৰচণ্ড বিষ অনুভৱ হয়। আৰু এইয়া হৈছে তেওঁৰ প্ৰথম ষ্টেজ৷সম্প্ৰতি ৰাকেশ ৰোশনে মানসিক স্থিতি হেৰুৱাই পেলোৱা নাই। গতিকে তেনে এজন ব্যক্তিৰ পৰিয়ালৰ সদস্য হ’বলৈ পায় মই অত্যন্ত সুখী ৷

উল্লেখ্য যে, ঋতিক ৰোশনৰ টুইটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুভকামনা জনাই কয় যে ডিয়েৰ ঋতিক, শ্ৰী ৰাকেশ ৰোশন অতি শীঘ্ৰেই সুস্থ হৈ উঠাৰ কামনা কৰিছোঁ ৷ তেওঁ এজন যোদ্ধা ৷ মোৰ বিশ্বাস, তেওঁ সাহসেৰে জীৱন যুদ্ধত অৱৰ্তীণ হ’ব । ইয়াৰ পিছতে ঋতিক ৰোশনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছাক ধন্যবাদ জনায় টুইট কৰে যে আপোনাৰ শুভকামনাৰ কাৰণে ধন্যবাদ ৷ লগতে ৰাকেশ ৰোশনৰ চাৰ্জাৰী সুকলমে সম্পন্ন হোৱা বুলিও মন্তব্য কৰে।

ইফালে বলীউডৰ বহু চেলিব্ৰেট্ৰীৰ সম্প্ৰতি কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷তাৰ ভিতৰত ইৰফান খান, সোনালী বেন্দ্ৰে,আয়ুস্মান খুৰানাৰ পত্নী তাহিৰা অন্যতম ৷অৱশ্যে তেওঁলোক সম্প্ৰতি সুস্থ বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,ৰাকেশ ৰোশন জন্ম হৈছিল ১৯৪৯ চনৰ ৬ চেপ্তেম্বৰত মুম্বাইত। ৰাকেশ ৰোশনে নিজৰ বলীউড যাত্ৰা আৰম্ভ কৰে ১৯৭০ চনত মুক্তি পোৱা "ঘৰ ঘৰ কী কাহানী"ৰ জৰিয়তে ৷ তেওঁ বুনিয়াদ, খুবসুৰত,কামচোৰ আৰু ভগৱান দাদাৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।

ইয়াৰ পিছত ১৯৮৭ চনত ৰাকেশ ৰোশনে ডাইৰেক্সনত পদাৰ্পন কৰে ৷ ১৯৮৭ চনত তেওঁৰ ছুপাৰহিট ছবি "খুদগৰ্জ" মুক্তি লাভ কৰে ৷ ইয়াৰ পিছত খুন ভৰি মাংগ, কিংগ আংকল,কোয়লা আৰু কৰণ অৰ্জুনে মুক্তি লাভ কৰে । সকলো চলচ্চিত্ৰ প্ৰেমীৰ জ্ঞাত যে সেই ছবিসমূহে কিমান জনপ্ৰিয়তা লাভ কৰিছিল ৷ ৰাকেশ ৰোশনে পুত্ৰ ঋতিক ৰোশনক "কোহনা প্যাৰ হ্যে"ৰ জৰিয়তে অভিনয় জগতত প্ৰবেশ কৰোৱাই । ইয়াৰ পিচত "ক্ৰিছ"ৰ দৰে জনপ্ৰিয় ছবি সমূহে মুক্তি লাভ কৰে ৷ সম্প্ৰতি চলচ্চিত্ৰ প্ৰেমীসকলে তথা ৰাকেশ ৰোশনৰ অনুৰাগীসকলে সুস্থ হোৱাৰ প্ৰাৰ্থনা কৰিছে ৷

অধিক খবৰৰ বাবে : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com