অহাকালিলৈ মুক্তি পাব অভিষেক বচ্চনৰ ‘মনমাৰ্জিয়া’ৰ ট্ৰেইলাৰ

অহাকালিলৈ মুক্তি পাব অভিষেক বচ্চনৰ ‘মনমাৰ্জিয়া’ৰ ট্ৰেইলাৰ
Published on

নিৰ্দেশক অনুৰাগ কাশ্যপৰ অভিষেক বচ্চনৰ অভিনীত "মনমাৰ্জিয়া'ৰ ট্ৰেইলাৰ মুকলি হ'ব অহাকালিলৈ।এই ৰোমাণ্টিক ছবি খনৰ প্ৰযোজক আনন্দ এল ৰায় আৰু লগতে বিকি কুশাল আৰু তাপস্বী পান্নুৱে মুল চৰিত্ৰত অভিনয় কৰিছে। জুনিয়ৰ বচ্চন তথা অভিষেক বচ্চন চৰদাৰ অৰ্থাৎ পঞ্জাৱী সকলৰ চৰদাৰ ৰূপত দেখা পোৱা যাব।টুইটাৰ যোগেদি অভিষেক বচ্চনেৱ এই কথা সদৰী কৰে ।

ইয়াৰ উপৰিও অনুৰাগ কাশ্যপৰ ৱেব চিৰিছ চেকৰেড গেমছৰ পিছত টুইটাৰ যোগেদি তেওঁ এইদৰে লিখিছিল যে : "কিয়া হে ৰুবী,ৰুবী অৰ বিকী কি #মনমাৰ্জিয়া? ট্ৰেইলাৰ আউট টুম'ৰো।ছবি খনৰ মুকলি হোৱা পোষ্টাৰ খন ইমান ভাল লগা নাই যদিও আশা কৰা হৈছে অহাকালিলৈ মুক্তি পাবলগীয়া ট্ৰেইলাৰটো ভাল হ'ব।পোনপ্ৰথমে ছবি খনত আয়ুশমান খুড়ানা আৰু ভূমি পেডনাকৰে অভিনয় কৰাৰ কথা আছিল যদিও পিছলৈ অভিষেক বচ্চনে ছবি খনত অভিনয় কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com