বলীউডত মাধুৰী দিক্ষীতে কৰিব "ট’টেল ধামাল" : উৎসুক চলচ্চিত্ৰ প্ৰেমী

বলীউডত মাধুৰী দিক্ষীতে কৰিব "ট’টেল ধামাল" : উৎসুক চলচ্চিত্ৰ প্ৰেমী

বলীউডৰ হাস্যমধুৰ ছবি সমূহৰ ভিতৰত "ধামাল"ৰ নাম শুনিলেই চলচ্চিত্ৰ প্ৰেমীসকলৰ মুখত হাঁহি বিৰিঙি উঠে ৷ নুঠিবই বা কিয়?ছবিখনৰ প্ৰত্যেকজন অভিনেতাই যি সাৱলীলতাৰে হাস্য মধুৰ অভিনয় কৰিছে , সেয়া সচাঁকৈয়ে মন কৰিবলগীয়া৷ কিন্তু ’ধামাল"ৰ পিছত ডাবল "ধামালে" দৰ্শকক আমোদ দিয়াৰ পিছত এইবাৰ আহি আছে ’ট’টেল ধামাল" ৷ য’ত অভিনয় কৰিছে বলীউডৰ বহু বিগ চেলীব্ৰেটীয়ে ৷অনিল কাপুৰ,মাধুৰী দিক্ষীত, অজয় দেৱগন,ইশা গুপ্তা,চলমান খান, সোনাক্ষী সিন্হা আৰু সঞ্জয় মিশ্ৰাৰ দৰে বিগ চেলীব্ৰেট্ৰীয়ে ৷

ইতিমধ্যে "ট’টেল ধামাল"ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিয়েই দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।কাৰণ ট্ৰেইলৰটো মুক্তি লাভ কৰাৰ পিছতেই প্ৰায় ২ ঘন্টাৰ ভিতৰতে ৪ লাখ দৰ্শকে প্ৰত্যক্ষ কৰাটো উল্লেখ যোগ্য ৷ইফালে, সুদীৰ্ঘ ১৮ বছৰৰ পিছত মাধুৰী দীক্ষীত আৰু অনিল কাপুৰে একেলগে অভিনয় কৰিব ৷ অন্যহাতে, ট’টেল ধামাল"ৰ ট্ৰেইলৰটো ২০০৭ চনত মুক্তি লাভ কৰা "ধামাল"ৰ লগত সাদৃশ্য আছে ৷ ট্ৰেইলৰ টোত দেখা গৈছে যে মনোজ পাহৱা নামৰ এজন ব্যক্তিয়ে ৫ কোটি টকা খাজানাৰ কথা ব্যক্ত কৰে ৷ লগে লগে আৰম্ভ হয় সেই খাজানাসমূহক বিচাৰ কৰিবৰ কাৰণে "ট’টেল ধামাল" ৷ ইফালে সম্প্ৰতি ট’টেল ধামালৰ সংলাপ সমূহে বিশেষ চৰ্চা লাভ কৰিছে৷ প্ৰত্যেক জন অভিনেতাৰ ক’মিক টাইমিং যথেষ্ট মন কৰিব লগীয়া ৷ সেয়েহে উপযুক্ত ক’মিক টাইমিঙৰ কাৰণে আপুনি নহহাঁকৈ থাকিব নোৱাৰে৷

গতিকে বিগ ষ্টাৰ সকলৰ উপস্থিতিত ট’টেল ধামাল ছবি খন সাজু হৈছে ৷ কিন্তু এইবাৰ ধামাল"ৰ দুটা চিকুৱেন্সচত থকা সঞ্জয় দত্তক দৰ্শকক দেখা পাব নে নাপায় সেয়া ছবিখন মুক্তি পোৱাৰ পিছতহে জানিব পাৰিব ৷ অৱশ্যে ছবিখন মুক্তি লাভ কৰিব চলিত বৰ্ষৰ ২২ ফ্ৰেব্ৰুৱাৰীত ৷ উল্লেখ্য যে, ২০০৭ চনৰ ৭ ছেপ্তেম্বৰত মুক্তি লাভ কৰা"ধামাল"য়ে দৰ্শকৰ মাজত ধামালৰ সৃষ্টি কৰিছিল ৷ চাৰিজন বন্ধুৰ W ৰ তলত টকাৰ টোপোলাৰ বিচাৰোতে হোৱা লটিঘটি তথা আশিশ চৌধুৰী অৰ্থাৎ ব’মনৰ পিতৃ নাৰীৰ লগত হোৱা হাস্যমধুৰ কথা বতৰাক বিশেষকৈ আকোঁৱালি লৈছিল দৰ্শকে ৷ ইয়াৰ পিছত ২০১১ চনৰ ২৪ জুনত মুক্তি লাভ কৰিছিল "ডাবল ধামালে" ৷ৰিতেশ দেশমুখ,আৰ্শ্বাদ ৱাচি, জাভেদ জাফ্ৰৰি,আশিশ চৌধুৰী,সঞ্জয় দত্ত,কংকনা ৰানাউড,মল্লিকা শ্বেৰাৱটৰ অভিনয়েৰে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল ছবিখনে ৷

ইফালে "ধামাল"ৰ বাজেট আছিল ২০ কোটি টকা, উপাৰ্জন কৰিলে ৫১ কোটি ইয়াৰ বিপৰীতে ডাবল ধামালৰ বাজেট আছিল ৩৫ কোটি , উপাৰ্জন কৰিলে ৭১ কোটি টকা । ট’টেল ধামালৰ বাজেট প্ৰায় ৯০ কোটি টকা৷ গতিকে বিগত ধামাল আৰু ডাবল ধামালে দৰ্শকৰ মাজত যি জনপ্ৰিয়তা লাভ কৰিলে ,তেনে ধৰণে ট’টেল ধামালে জনপ্ৰিয়তা লাভ কৰিব নে নাই সেয়া হ’ব লক্ষ্যনীয় ৷কিন্তু ট’টেল ধামালৰ ট্ৰেইলৰ মুক্তি পোৱা পিছতে যি হাৰত জনপ্ৰিয়তা লাভ কৰিছে ৷সেই ফালৰ পৰা ছবিখনে এক আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে বুলি আশা কৰিব পাৰি ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com