বি টাউনত সম্প্ৰতি মনিকৰ্নিকা ছবি খনেৰে পদাৰ্পন কৰা অভিনেত্ৰী অংকিতা লোখোণ্ডেক (Ankita Lokhande) জানে সকলোৱে ৷কাৰণ বলীউডৰ ছবিত পদাৰ্পন কৰাৰ প্ৰাকমুহুৰ্তত অংকিতা জনপ্ৰিয় আছিল অনুৰাগীৰ ঘৰে ঘৰে ৷ শেহতীয়াকৈ অংকিতাই মণিকৰ্নিকাত ঝলকাৰীবাঈ চৰিত্ৰৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু এইবাৰ অংকিতাক দেখা গ’ল মুম্বাইৰ এটি অনুষ্ঠানত৷ অংকিতাই অনুষ্ঠানটিলৈ পৰিধান কৰি গৈছিল এটি বগা ৰঙৰ কুৰ্তা৷ লগতে ককাঁলত পৰিধান কৰিছিল এডাল বেল্ট ৷ কাৰ্লি হেয়াৰ আৰু পাতল প্ৰশাধনে অতি সুন্দৰ দেখাৰ লগতে ফেশ্বনেবল দেখাইছিল অংকিতাক ৷
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা ডিম্পল গাৰ্ল দীপিকা পাডুকন ফেশ্বনৰ ক্ষেত্ৰত সদায়েই থাকে চৰ্চাৰ শীৰ্ষত৷ ইফালে দীপিকাই জানে যে নিজকে অতি সুন্দৰকৈ নিজকে প্ৰস্তুত কৰি অনুৰাগীৰ মন কেনেদৰে জয় কৰিব পাৰে ৷ বলীউডৰ এই ডিম্পল সুন্দৰী গৰাকী এটা ফ’টো শ্বুট কৰে ৷ আৰু সেই ফ’টোসমূহে সম্প্ৰতি দৰ্শকক যথেষ্ট আকৰ্ষণ কৰিছে ৷ফ’টো শ্বুটোত দীপিকাই পৰিধান কৰিছে হালধীয়া পোচাক। হালধীয়া টি চাৰ্ট আৰু হালধীয়া ভেলভেট পেন্টৰ লগতে সোনালী ৰঙৰ কানফুলিৰে নিজকে এটি কমপ্লিট লুক দিছে দীপিকা পাডুকনে ৷ হালধীয়া পোচাকেৰে ষ্টানিং লগা দীপিকাই অভিনয় কৰিব মেঘনা গুলজাৰৰ ছবি ছপাক। এচিড আক্ৰমণৰ সন্মুখীন হোৱা লক্ষ্মী আগৰৱালৰ জীৱন ভিত্তিক ছপাক ছবিখনত দীপিকাই অভিনয় কৰিব মুখ্য চৰিত্ৰত ৷
বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাও ইতিমধ্যে অতিশয় ষ্টানিং ফ’টো চ্যুটেৰে অনুৰাগীৰ মন মুহিবলৈ সক্ষম হৈছে। অভিনেত্ৰী গৰাকীয়ে সদ্যহতে নিজৰ বান্ধৱীৰ সৈতে শ্ৰীলংকা ভ্ৰমণ কৰিবলৈ গৈ শ্বেয়াৰ কৰিছে কেইখনমান বিশেষ ফ’টো ৷ লগতে ইতিমধ্যে অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত ৰঙা পোছাকৰে অতি সুন্দৰ ফ’টো উপহাৰ দিছে। কেপশ্যনত সোনাক্ষীয়ে লিখিছে When I haven't any blue,I use red-Pablo Picasso ৷ ষ্ট্ৰেইট হেয়াৰ,ওঁঠত ৰঙা লিপষ্টিকেৰে সুন্দৰ লুক দিছে সোনাক্ষী সিন্হাই ৷
বলীউডৰ ফেশ্বন আইকন সোনম কাপুৰ সদায় চৰ্চাত শীৰ্ষত থাকে ৷ ইতিমধ্যে অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামত এখন ষ্টানিং ফ’টো শ্বেয়াৰ কৰিছে ৷ ক’লা কোটৰ লগত স্কাৰ্ফেৰে সোনম কাপুৰক অতি সুন্দৰ দেখাইছে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন