আয়ুচমান খুড়ানা,ৰাধিকা আপটেৰ ছবিৰ পিয়ানো পোষ্টাৰ

আয়ুচমান খুড়ানা,ৰাধিকা আপটেৰ ছবিৰ পিয়ানো পোষ্টাৰ

আয়ুচমান খুড়ানা আৰু ৰাধিকা আপটেৰ আহিবলগীয়া নতুন ছবি "আন্ধা ধুন্দ" ছবি খনৰ নতুন পোষ্টাৰ মুকলি পাইছে।'বিকি ডনাৰ' ছবিৰ অভিনেতা আয়ুচমানে টুইটাৰ যোগে প্ৰকাশ কৰিছে এই তথ্য।

AndhaDhun poster

মুকলি পোৱা পোষ্টাৰ খনত দেখা পোৱা অনুসৰি আয়ুচমান খুড়ানাই ৰাধিকা আপটেৰ হাতত হাত ধৰি পিয়ানো এখনৰ ওপৰৰে খোজ কাঢ়ি থকা দেখা পোৱা গৈছে।ছবি খন প্ৰকাশ পাব ৫অক্টোবৰত।ছবি খনৰ নিৰ্দেশক হৈছে শ্ৰীৰাম ৰাঘাৱন।ছবি খনত আয়ুচমান খুড়ানা আৰু ৰাধিকা আপটেৰ উপৰিও আন এগৰাকী মোহময়ী অভিনেত্ৰী টাবুক দেখিবলৈ পোৱা যাব।

আয়ুচমানে ছবি খনত এজন অন্ধ ৰোগীৰ চৰিত্ৰত অভিনয় কৰিছে যাৰ জীৱনত ৰহস্যবৃত্ত কিছুমান ঘটনা সংঘটিত হয়।আহিবলগা এই ছবি খনে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com