উদুলি মুদুলি প্ৰিয়াংকাৰ পদূলি: উৎসাহী প্ৰিয়াংকা চোপ্ৰাই পোষ্ট কৰিলে ওৱেলকাম হোম বেবী

উদুলি মুদুলি প্ৰিয়াংকাৰ পদূলি: উৎসাহী প্ৰিয়াংকা চোপ্ৰাই পোষ্ট কৰিলে ওৱেলকাম হোম বেবী

সদ্যহতে , বলীউডৰ "দেশী গাৰ্ল"প্ৰিয়াংকা চোপ্ৰা আৰু হলীউডৰ গায়ক নিক জোন্সৰ ২ ডিচেম্বৰত হ’ব লগা বিয়াখন চৰ্চাৰ শীৰ্ষত আছে অনুৰাগীসকলৰ মাজত ৷ ভাৰতীয় আৰু ক্ৰিষ্টীয়ান পৰম্পৰাত হ’ব লগা বিয়াখনক লৈ ব্যাপক চৰ্চা লাভ কৰিছে চলচিত্ৰ প্ৰেমীসকলৰ মাজত। ইফালে, নিজৰ ন কইনা প্ৰিয়াংকাক নিবলৈ পৰিয়ালৰ লগত ভাৰতত উপস্থিত হৈছেহি নিক জোন্স ৷নিক জোন্সক আদৰিবলৈ গৈ প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰামত এখন ফ’টো শ্বেয়াৰ কৰে ৷ আৰু ফ’টোখনৰ তলত "ওৱেলকাম হোম বেবী"বুলি এটি পোষ্ট শ্বেয়াৰ কৰিছে প্ৰিয়াংকাই।

অন্যহাতে, বিয়াৰ প্ৰাকমুহুৰ্তত নিকক দেখা গৈছে ব্যাপক উৎসাহী ৷ প্ৰিয়াংকা নিকৰ বিয়াত হ’ব লগীয়া সংগীতত প্ৰিয়ংকাৰেই এখন ছবি "দোস্তানা"ৰ এটি জনপ্ৰিয় গীত "দেশী গাৰ্ল" গীতটিত ডান্স কৰিব নিক জোন্সে। ইয়াৰ কাৰণে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ গণেশ হেগড়েৰ লগত ডাঞ্চ প্ৰেকটিছ কৰিছে নিক জোন্সে ৷ যাতে নিক আৰু প্ৰিয়াংকাৰ বিয়াত নৃত্য কৰোঁতে নিকৰ কোনো অসুবিধা নহয় ৷

ইফালে, নিক আৰু প্ৰিয়াংকাৰ বিয়া আৰম্ভ হ’ব ২৯ নৱেম্বৰৰ পৰা ৷ সংগীত,মেহেন্দী আৰু ভাৰতীয় নীতি নিয়মেৰে হোৱাৰ পিছত ৩ ডিচেম্বৰত হ’ব ক্ৰিষ্টিয়ান পৰম্পৰাৰে নিক আৰু প্ৰিয়ংকাৰ বিয়া ৷ উল্লেখ্য যে, ২৯ নৱেম্বৰৰ পৰা হ’ব লগা প্ৰিয়াংকা আৰু নিক জোন্সৰ বিয়াখন হ’ব যোধপুৰস্থিত উমেদ ভৱন পেলেচত ৷ সম্প্ৰতি প্ৰিয়াংকা নিক জোন্সৰ বিয়াৰ প্ৰস্তুতি তুংগত উঠিছে । অন্যহাতে প্ৰিয়াংকা নিকৰ বিয়াত যাতে সকলো সুকলমে হয় ৷ তাৰ প্ৰতি লক্ষ্য ৰাখিছে প্ৰিয়াংকাৰ মাতৃ মধু চোপ্ৰাই ৷

উল্লেখযোগ্য যে বলীউড জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়াংকা হলীউডটো সমানেই জনপ্ৰিয় ৷ হলীউডৰ টি ভি চিৰিজ কুৱান্টিক’ত অভিনয় কৰি হলীউডৰ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰে প্ৰিয়াংকা ৷ ইফালে, প্ৰিয়াংকাতকৈ সৰু নিক জোন্সৰ লগত হোৱা বিয়াখনক লৈ সম্পত্তি নানা জনে না মত দিছিল যদিও সম্প্ৰতি ছ’চিয়েল মিডিয়াত প্ৰিয়াংকা নিকৰ বিয়া খনক লৈ অনুৰাগী বৃদ্ধি পাইছে ।

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com