উৰিষ্যাৰ ফেনীত প্ৰভাৱিত লোকসকললৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ ১ কোটি টকাৰ সাহাৰ্য্য

উৰিষ্যাৰ ফেনীত প্ৰভাৱিত লোকসকললৈ বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ ১ কোটি টকাৰ সাহাৰ্য্য
Published on

বলীউডৰ অভিনেতা অক্ষয় কুমাৰৰ এইকেইদিন নাগৰিকতা সন্দৰ্ভত চৰ্চাত আছে ৷ জনসাধাৰণে বলীউডৰ অভিনেতাজনক যথেষ্ট ট্ৰ’ল কৰে কানাডিয়ান নাগৰিকতা প্ৰসংগত ৷ কিন্তু বলীউডৰ অভিনেতা অক্ষয় কুমাৰে এই সকলোবোৰ কথাক হেয় প্ৰতিপন্ন কৰি উৰিষ্যাৰ ফেনীত প্ৰভাৱিত লোকসকলৰ কাৰণে এক বিশেষ পদক্ষেপ হাতত লৈছে ৷ অক্ষয় কুমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোষলৈ ১ কোটি টকাৰ সাহাৰ্য্য প্ৰদান কৰিছে ৷

ইফালে ইয়াৰ পূৰ্বতে অক্ষয় কুমাৰে কেৰালা আৰু চেন্নাই বান পীড়িত সকলক সাহাৰ্য্য প্ৰদান কৰিছে ৷ চেন্নাই বান পীড়িতক অভিনেতাজনে ১কোটি টকা সাহাৰ্য্য দিছিল ৷ ঠিক তেনেদৰে কেৰেলাৰ বানাক্ৰান্তলৈ এক বৃহৎ পৰিমাণৰ ধনৰ প্ৰদান কৰিছিল ৷ ইয়াৰোপৰিও অক্ষয় কুমাৰে দেশৰ স্বাৰ্থত শ্বহীদ হোৱাসকলৰ কাৰণেও সহায়ৰ হাত আগবঢ়াইছে।

অভিনেতাগৰাকীয়ে পুলৱামাত শ্বহীদ হোৱা জোৱান সকলৰ পৰিয়ালক সহায়ৰ কাৰণে আগবাঢ়ি গৈছিল। অক্ষয় কুমাৰে পুলৱামা আক্ৰমণৰ শ্বহীদ জীত ৰাম গুৰ্জৰৰ পত্নী সুন্দৰী দেৱীক ১৫ লাখ টকাৰ সাহাৰ্য্য আগবঢ়াইছিল ৷ইয়াৰ কাৰণে শ্বহীদ জীতৰ ভাতৃয়ে অভিনেতাগৰাকীৰ ধন্যবাদ জ্ঞাপন কৰে। অক্ষয় কুমাৰে ভাৰত চৰকাৰৰ সৈতে একত্ৰিত হৈ ভাৰতৰ বীৰ পুত্ৰ এপ তৈয়াৰ কৰিছিল ৷

এই এপটিৰ জৰিয়তে দেশখনৰ যিকোনো নাগৰিকে ১টকাৰ পৰা আৰম্ভ কৰি যিয়ে যেনেকৈ পাৰে তেনেকৈ দান কৰিব পাৰে ৷ এই সমগ্ৰ ধন শ্বহীদৰ পৰিয়াল আৰু সেনা বাহিনীৰ সহায়তাৰ কাৰণে প্ৰয়োগ কৰা হ’ব ৷ গতিকে অক্ষয় কুমাৰৰ এইসমূহ পদক্ষেপে প্ৰতিপন্ন কৰে যে অভিনেতাজন কেৱল ছবিজগততেই নায়ক নহয়,বাস্তৱ জীৱনতো নায়ক অক্ষয় ৷ সততে বলীউডক ছুপাৰহিট ছবি উপহাৰ দিয়া অক্ষয় কুমাৰৰ অনাগত ছবি হৈছে হাউচফুল ৪ ৷

অক্ষয় কুমাৰৰ উপৰিও ছবিখনত অভিনয় কৰিব ববী দেওল,ৰিতেশ দেশমুখ,কৃতি চানন,কৃতি খৰবন্দা আৰু পুজা হেগৰেই ৷ ছবিখন মুক্তি পাব দীৱালীত ৷ অন্যহাতে উৰিষ্যাত ফেনীত প্ৰায় ১২০০ কোটি টকা সা সম্পত্তিৰ ক্ষতি হৈছে ৷ উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে লোকসকলৰ কাৰণে বিশেষ পেকেজৰ ঘোষণা কৰি পুৰী আৰু কুৰ্দাৰ কিছু অঞ্চলত ৫০ কেজি চাউল যোগান ধৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com