এইবাৰ "কফী উইথ কৰণ"ত ৰাজ কুমাৰ ৰাও আৰু ভূমি পাডনেকাৰঃ কিন্তু কি প্ৰশ্ন কৰিলে কৰণ জোহৰে ?

এইবাৰ "কফী উইথ কৰণ"ত ৰাজ কুমাৰ ৰাও আৰু ভূমি পাডনেকাৰঃ কিন্তু কি প্ৰশ্ন কৰিলে কৰণ জোহৰে ?

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান ’কফী উইথ কৰণ’ অনুষ্ঠানত এইবাৰ দেখা যাব বলীউডৰ জনপ্ৰিয় অভিনেতা অভিনেতা ৰাজকুমাৰ ৰাও আৰু ভূমি পাডনেকাৰ । সম্প্ৰতি কফী উইথ কৰণ এই প্ৰ’মোটো দেখা গৈছে ৷ অনুষ্ঠানটোত কৰণ জোহৰে বিভিন্ন প্ৰশ্ন কৰে ৰাজকুমাৰ ৰাওক। ইয়াৰ বিপৰীতে ৰাজকুমাৰ ৰাওে অধিক হাস্য ৰসিক উত্তৰ দিয়ে কৰণ জোহৰৰ প্ৰশ্নত৷ অনুষ্ঠানটোত এটা দৃশ্যত কৰণ জোহৰে ৰাজকুমাৰ ৰাওক নিজৰ জোতা যোৰৰ ফালে লক্ষ্য কৰি কয় যে এই জোতা যোৰ তোমাৰ স্কুল দিয়া মাচুল সমান ৷ ইয়াৰ পিছতেই কৰণে নিজৰ জেকেটৰ ফালে দেখাই কয় যে এই জেকেট তুমি EMI ত ক্ৰয় কৰিব পাৰিবা ৷ এই কথা শুনাৰ পিছতেই ৰাজকুমাৰ ৰাওয়ে ইনকাম টেক্স ডিপাৰ্টমেন্টৰ কথা কৈ কৰণ জোহৰক আচৰিত কৰি তোলে৷

ইয়াৰ পিছতেই কৰণ জোহৰে ৰাজ কুমাৰ ৰাও প্ৰশ্ন কৰে যে তেওঁ কোন জন অভিনেতাৰ লগত কাম কৰিব বিছাৰে ৷লগে লগে ৰাজ কুমাৰ ৰাওে কৰণ জোহৰক কয় যে আপুনিওটো বম্বে ৱেলবেটৰ পিছত কোনো ছবিত অভিনয় কৰা নাই ৷ এই উত্তৰ শুনি কৰণে ৰাজকুমাৰ কয় যে মই চাকছেচ ফুল অভিনেত্ৰীৰ কথা কোৱাৰ কথা কয় ।মুঠতে অনুষ্ঠানটোত কৰণ আৰু ৰাজ কুমাৰৰ মাজত কেমেষ্ট্ৰী ভালকৈয়ে লক্ষ্য কৰিলে দৰ্শকে ৷

উল্লেখ্য যে,২০১০ চনত দিবাকৰ বেনাৰ্জীৰ “লভ চেক্স এণ্ড ধোখা”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰাজকুমাৰ ৰাওয়ে ৷সেই সময়ৰ পৰা সাম্প্ৰতিক সময়লৈকে নিজক ষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰা সাধাৰণ যুৱকজনে অসাধাৰণ পৰিস্থিতিৰ লগত মোকামিলা কৰি হাজাৰ জনৰ মাজত নিজক প্ৰতিষ্ঠা কৰিছে ৷ ৩৩ বৰ্ষীয় অভিনেতা ৰাজকুমাৰ ৰাওৰ ছবিসমূহৰ ভিতৰত আছে “গেংছ অব ৱাচিপুৰ পাৰ্ট ২”,”তালাশ”,কাই পো চে”,চিটী লাইটচ”,আলীগড়”,বৰেলী কী বৰফী”,”নিউটন”,”সাদী মে জৰুৰ আনা” আদি৷লগতে অনাগত দিনত হলীউডৰ ছবিটো দেখিবলৈ পাব ৰাজকুমাৰ ৰাওক ৷

২০১৯ চনত মুক্তি পাব লগীয়া ৰাজকুমাৰ ৰাওৰ ছবিখনৰ নাম “পাঁচ ৱেডিংগছ”৷ ৰাজকুমাৰ ৰাওৰ বলীউডৰ পৰা হলীউডৰ এই যাত্ৰা,সফলতা,ষ্টাৰডম এদিনতে প্ৰাপ্ত হোৱা নাই। ৰাওৰ একাগ্ৰতা,কাম কৰা স্পৃহাই তেওঁক আজি প্ৰতিষ্ঠা কৰিছে বলীউডত ৷ কোনো এটা কাম কৰিবলৈ গ’লে সেই কামটোত আমি প্ৰথমবাৰেই যে সফলতা লাভ কৰিম এনে কথা নহয় ৷ অসফলতাইও আমাক বহু কথা শিকাই ৷এক সাক্ষাৎকাৰ অনুষ্ঠানত ৰাজকুমাৰ ৰাওয়ে কয় যে,প্ৰথমৰ পৰাই ৰাজকুমাৰ ৰাওয়ে অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল ৷ সেয়েহে হাজাৰ সংঘৰ্ষ কৰি তেওঁ নিজক প্ৰতিষ্ঠা কৰিছিল ৷

উল্লেখ্য যে,কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত উপস্থিত থকা নিমন্ত্ৰিত অতিথি সকলৰ ভিতৰত আছে বলীউডৰ বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ নাম ৷তাৰ ভিতৰত দীপিকা পাডুকন,আলিয়া ভট্ট,সাৰা আলী খান,চৈইফ আলী খান,জাহ্নৱী কাপুৰ,অৰ্জুন কাপুৰ,সোনম কাপুৰ,হাৰ্দিক পাণ্ডিয়া,কে এল ৰাহুল,অক্ষয় কুমাৰ,ৰনৱীৰ সিং আদি উপস্থিত থাকে কফী উইথ কৰণত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com