এইবাৰ দ্য কপিল শৰ্মা শ্ব’ত অভিনেতা শত্ৰুঘ্ন সিন্হা আৰু ধৰ্ম পত্নী পুনমঃ ৰোমন্থন কৰিলে বিগত দিনৰ প্ৰেমৰ কথা

এইবাৰ দ্য কপিল শৰ্মা শ্ব’ত  অভিনেতা শত্ৰুঘ্ন সিন্হা আৰু ধৰ্ম পত্নী পুনমঃ ৰোমন্থন কৰিলে বিগত দিনৰ প্ৰেমৰ কথা

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "দ্য কপিল শৰ্মা শ্ব"ত এইবাৰ দেখা যাব বলীউডৰ অভিনেতা শত্ৰুঘ্ন সিন্হা (Shatrughan Sinha) আৰু তেওঁৰ ধৰ্ম পত্নী পুনমক। অনুষ্ঠানটোত শত্ৰুঘ্ন সিন্হা আৰু পুনম সিন্হাই বিগত সময়ত পাৰ কৰি অহা সুখ দুখৰ কথাৰ প্ৰসংগ আলোচনা কৰিব ৷ অনুষ্ঠানটোত শত্ৰুঘ্ন সিন্হা আৰু তেখেতৰ পত্নী পুনমে ইজনে সিজনক দেখাৰ প্ৰথম ক্ষণটোৰ কথা ৰোমন্থন কৰি কয় যে, পাটনাৰ পৰা মুম্বাইৰ যাব লগীয়া ট্ৰেইনত আমাৰ প্ৰথম সাক্ষাৎ হৈছিল৷ আমি ট্ৰেইনত ইজনে সিজনৰ পৰিচয় নাজানিছিলো যদিও শত্ৰুৱে মোৰ পৰিচয় জানিব বিচাৰিছিল।

লগতে শত্ৰুঘ্ন সিন্হাৰ পত্নী পুনমে কয় যে আমি ট্ৰেইনত দুয়োজনেই কান্দি কান্দি গৈছিলো ৷কাৰণ শত্ৰুৱে ঘৰত মা দেউতাক এৰি থৈ অহাৰ কাৰণে কান্দিছিল আৰু মই মোৰ মায়ে গালি দিয়াৰ কাৰণে কান্দিছিলো ৷ ইয়াৰ পিছত শত্ৰুঘ্ন সিন্হাৰ ভ্ৰাতৃ ৰাম সিন্হা আৰু ডায়ৰেক্টৰ এনএন চিপ্পীয়ে শত্ৰুঘ্ন সিন্হা বিয়াৰ প্ৰস্তাৱ লৈ পুনমৰ ঘৰলৈ যোৱাৰ প্ৰসংগত কয় যে,মোৰ ঘৰৰ পৰিয়ালে প্ৰথম অৱস্থাত এই সম্পৰ্কত সন্মতি প্ৰদান কৰা নাছিল ৷ কাৰণ মায়ে শত্ৰুঘ্ন সিন্হাৰ ফ’টো দেখাৰ পিছত গুণ্ডা বুলি বিয়াৰ প্ৰস্তাৱ নাকচ কৰে যদিও পিছত এই বিয়াৰ কাৰণে সন্মতি প্ৰদান কৰে ৷

উল্লেখ্য যে ১৯৮০ চনৰ ৯ জুলাইত শত্ৰুঘ্ন সিন্হা আৰু পুনম চন্দিৰানামীৰ বিবাহ সম্পন্ন হয়। পত্নী পুনম জীয়ৰী সোনাক্ষী সিন্হা,পুত্ৰ লভ সিন্হা আৰু খুশ সিন্হাৰ সহিতে শত্ৰুঘ্ন সিন্হাৰ এখন সুখৰ সংসাৰঅৱশ্যে ইয়াৰ আগত শত্ৰুঘ্ন সিন্হাৰ অভিনেত্ৰী ৰিনা ৰয়ৰ লগত থকা সম্পৰ্কই চৰ্চা লাভ কৰিছিল ৷ এক সাক্ষাৎ কাৰত শত্ৰুঘ্ন সিন্হাই কয় যে ৰীনাৰ লগত মোৰ সম্পৰ্ক প্ৰায় সাত বছৰ আছিল ৷

লগতে এই সন্দৰ্ভত শত্ৰুঘ্ন সিন্হাৰ পত্নী পুনমে সকলো জনাৰ কথা উল্লেখ কৰে ৷উল্লেখ্য যে কপিল শৰ্মা শ্ব’টো এইবাৰ দেখা যাব চিৰসেউজ অভিনেতা শত্ৰুঘ্ন সিন্হাৰ লগতে পত্নী পুনম আৰু তেওঁলোকৰ পুত্ৰ লব ৷আনহাতে কপিল শৰ্মা শ্ব’ত সম্প্ৰতি বিভিন্ন চেলীব্ৰেট্ৰীৰ সমাহাৰ ঘটিছে ৷ ইয়াৰ ভিতৰত ছলমান খান,চোহেইল খান, অৰৱাজ খানৰ উপৰিও চিম্বাৰ ষ্টাৰ্চসকল উপস্থিত হৈছিল কপিল শৰ্মা শ্ব’ত ৷সম্প্ৰতি সকলো দৰ্শকৰ প্ৰিয় মনোৰঞ্জনধৰ্মী অনুষ্ঠান সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দ্য কপিল শৰ্মা শ্ব’য়ে৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com