কফি উইথ কৰন ৬: প্ৰথম অতিথি দিপীকাৰ আৰু আলিয়া

কফি উইথ কৰন ৬: প্ৰথম অতিথি দিপীকাৰ আৰু আলিয়া
Published on: 

চনি চেনেলত সম্প্ৰসাৰিত হ'ব লগা 'কৰন উইথ কফি ৬' ৰিয়েলিটী অনুষ্ঠানটি অতি সোনকালে আৰম্ভ হ'ব গৈ আছে । পূৰ্বতে জনোৱা অনুসৰি অনুষ্ঠানটিত দুগৰাকী নাইবা তিনিগৰাকীকৈ চেলিব্ৰেটী তাৰকাক নিমন্ত্ৰন কৰি ভিন্ন কথাক লৈ কথা পতা হয় নাইবা নিমন্ত্ৰন কৰি অনা তাৰকা সকলক কিছুমান ব্যক্তিগত প্ৰশ্ন শুধি অনুষ্ঠানটি চলাই নিয়া হয়। গুৰুত্বপূৰ্ন কথা এইটো যে,অনুষ্ঠানটিৰ আঁত ধৰে সকলোৰে জনপ্ৰিয় ছবি নিৰ্দেশক,প্ৰযোজক কৰন জহৰে ।

https://twitter.com/karanjohar/status/1047473737434636288?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1047473737434636288&ref_url=https%3A%2F%2Fwww.bollywoodlife.com%2Fnews-gossip%2Fkoffee-with-karan-6-this-is-where-deepika-padukone-and-alia-bhatt-will-share-all-the-goss-on-the-first-episode-of-the-season%2F

কিছুদিন পূৰ্বে কৰন জহৰে শেহতীয়া ভাৱে মত প্ৰকাশ কৰি কয় যে,এইবাৰৰ কফি উইথ কৰন ৬ খণ্ডটিত প্ৰথম অতিথি হিচাপে অনুষ্ঠানটিত উপস্থিত থাকিব দিপীকা পাদুকন আৰু আলিয়া ভট্ট আৰু জানিব পৰা মতে অনুষ্ঠানটিত দিপীকা আৰু আলিয়াৰ কথোপকথনৰ মাজতে ৰনবীৰ কাপুৰৰ কথাও মাজলৈ আনিব যিটো দৰ্শক সকলে চাই আমোদ লাভ কৰিব ।যিহেতু দুয়োগৰাকী অভিনেত্ৰী ৰনবীৰৰ লগত অতি ঘনিষ্ঠ অৰ্থাৎ পূৰ্বতে ৰনবীৰৰ লগত সম্পৰ্ক আছিল দিপীকা আৰু বৰ্তমান আলিয়া ভট্টৰ লগত এটি সম্পৰ্কত আছে বুলি আমি সকলোৱে জানো ।কিন্তু গুৰুত্বপূৰ্ন কথা এইটো যে এনে ধৰনৰ ৰিয়েলিটী অনুষ্ঠান এটিত এওঁলোক দুগৰাকীক একেলগে অতিথি হিচাপে নিমন্ত্ৰন দিয়া কথাটো সচাঁই আশ্বাৰ্যকৰ ।

কিছুদিন পূৰ্বে ইণ্টাৰনেটত প্ৰকাশ হোৱা এখন ফটোই হয়তো এওঁলোক দুগৰাকীক একেলগে নিমন্ত্ৰন কৰাৰ কথা ঠিৰাং কৰিলে ।কাৰন ফটো খনত দেখিব পোৱা অনুসৰি শ্বাহৰুখ খান,আমিৰ খান,দিপীকা,আলিয়া,ৰনবীৰ সিং আৰু ৰনবীৰ কাপুৰক একেলগে দেখা পোৱা গৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com