কেডাৰ খানৰ আশু আৰোগ্যৰ কাৰণে প্ৰাৰ্থনা বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ

কেডাৰ খানৰ আশু আৰোগ্যৰ কাৰণে প্ৰাৰ্থনা বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা হৈছে কেডাৰ খান ৷ বিশেষকৈ কেডাৰ খানৰ ছবিত যি কমেডী অভিনয়,কমিক টাইম সেয়া যথেষ্ট মন কৰিবলগীয়া ৷ কিন্তু কেডাৰ খান অনুৰাগীসকলৰ কাৰণে দুঃখবৰ ৷ কাৰণ সম্প্ৰতি কেডাৰ খানৰ শৰীৰ অসুস্থ ৷ কেডাৰ খানৰ প্ৰোগেচিব সুপ্ৰান্যুক্লীয়াৰ পাল্সী ডিছঅৰ্ডাৰ ৰোগ হয় । ইয়াৰ কাৰণে মগজুয়ে সন্তুলিত ক্ষমতা হেৰুৱাই পেলায় ৷ অৰ্থাৎ মগজুৱে কথা ভবাৰ শক্তি,কথা কোৱাৰ ক্ষমতা, দেখা,শুনা ব্যৱহাৰ আদি সকলো বোৰ ক্ষেত্ৰত প্ৰভাৱ পেলায় ৷ ফলত মগজৰ প্ৰায় ৯০ টা চেলচ নষ্ট হৈ যায় ।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি সম্প্ৰতি কেডাৰ খান কেতিয়াবা কথা কোৱা বন্ধ কৰি দিয়ে ৷ লগতে নিউমোনিয়াৰ লক্ষণে দেখা দিছে বলীউডৰ জনপ্ৰিয় অভানেতা কেডাৰ খান ৷ ইফালে ২০১৭ চনত কেডাৰ খানক আঁঠুৰ এটা অপাৰেছন কৰিছিল ৷ ইয়াৰ পিছৰ পৰাই কেডাৰ খান উঠিবলৈ ভয় খাইছিল ৷ আৰু ইয়াৰ পিছৰ পৰাই কেডাৰ খানৰ স্বাস্থ্য অধিক অৱনতি হ’বলৈ ধৰে ৷অন্যহাতে টুইটাৰ যোগে কেডাৰ খানৰ আশু আৰোগ্য কামনা কৰিছে বলীউডৰ বিগ বি অমিতাভ বচ্চনে ৷ লগতে বলীউডৰ বিগ বিয়ে কেডাৰ খানৰ আশু আৰোগ্যৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ অমিতাভ বচ্চনৰ ছবিত কেডাৰ খানে সুন্দৰ কাহিনী লিখাৰ প্ৰসংগ আৰু এজন ভাল গণিত শিক্ষক হোৱাৰ কথাও উল্লেখ কৰে বলীউডৰ বিগ বিয়ে ৷

উল্লেখ্য যে, কেডাৰ খানৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২২ অক্টোবৰত ৷ ইছমাইল ইউচুফ কলেজৰ পৰা স্নাতক কেডাৰ খানে এসময়ত শিক্ষকতাও কৰিছিল ৷ অন্যহাতে কলেজৰ দিনত অনুষ্ঠিত কৰা এখন নাটকত সুদক্ষ অভিনয়ৰ কাৰণে যথেষ্ট প্ৰশংসাৰ সন্মুখীন হৈছিল কেডাৰ খান ৷ ইয়াৰ পিছতেই কেডাৰ খানক প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰে মাতি পঠায় আৰু কেডাৰ খানৰ অভিনয় চোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷ কেডাৰ খানৰ অভিনয়ত মুগ্ধ হৈ দিলীপ কুমাৰে কেডাৰ খানক দুখন ছবি "চগীনা মহাতো" আৰু "ৱেৰাগ" কাৰণে অফাৰ দিয়ে ৷ কেডাৰ খান এজন সুদক্ষ অভিনেতা হোৱাৰ লগতে এজন ছবি নিৰ্দেশকো ।

প্ৰায় ৩০০ খন ছবিত অভিনয় কৰা কেডাৰ খানৰ প্ৰথম ছবি ১৯৭৩ চনৰ মুক্তি লাভ কৰা "দাগ"৷ বলীউডৰ ছবিসমুহত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে কেডাৰ খানে । এজন অধিবক্তাৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল কেডাৰ খানে ৷ হিন্দী ছবি জগতত দিয়া অন্যবৈদ্য অৱদানৰ কাৰণে কেডাৰ খানক ২০১৩ চনত সাহিত্য শিৰোমণি পুৰস্কাৰ লাভ কৰে ৷ কিন্তু চিৰ সেউজ অভিনেতা কেডাৰ খানৰ অভিনয় চলচ্চিত্ৰ প্ৰেমী তথা অনুৰাগীসকলৰ কাৰণে অত্যন্ত জীৱন্ত । গতিকে সম্প্ৰতি কেডাৰ খানৰ অনুৰাগীৰ লগতে সমগ্ৰ বলীউডে বিছাৰিছে সুস্থ হৈ উঠক কেডাৰ খান ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com