কেৰেলা বানপানীৰ বাবে ঈশা গুপ্তাই আগবঢ়াই সাহাৰ্য্য

কেৰেলা বানপানীৰ বাবে ঈশা গুপ্তাই আগবঢ়াই সাহাৰ্য্য

বলীউদৰ আন এগৰাকী মোহময়ী অভিনেত্ৰী ঈশা গুপ্তাই কেৰেলাৰ বৰ্নাত্য সকলৰ বাবে ঈশাৰ নিজৰ এদিনীয়া উপাৰ্জন আগবঢ়ায়।

সুন্দৰ প্ৰকৃতি ৰাজ্য কেৰেলাত যোৱা ১০দিনৰ পৰা প্ৰলয়ংকাৰী বানপানীৰ তাণ্ডৱে মানুহক ধ্বংস তথা মৃত্যুমুখলৈ ঠেলি পঠিয়াইছে।সেয়ে এনে সময়তে বলীউদৰ অভিনেত্ৰী ঈশা গুপ্তাই কেৰেলা বাসীৰ বাবে এদিনীয়া উপাৰ্জন সাহাৰ্য্য হিচাপে আগবঢ়াই। ঈশাই কয় যে এই অৱস্থাত সেই ঠাইৰ মানুহে একো খাদ্য,বিশুদ্ধ খোৱাপানী,বিজুলীবাতিৰ একো বস্তুৰে সুবিধা নোহোৱাত মানুহে বহু কষ্টৰ সন্মুখীন হ'বলগা হৈছে।ইয়াৰ লগতে ঈশাই নিজৰ এজেণ্ট এজনৰ সৈতে কোনো ধৰনৰ যোগাযোগ কৰিব পৰা নাই আৰু কেইবা দিন ধৰি এই বানৰ মাজত থাকিবলগা হৈছে।ইয়াৰ উপৰিও ঈশাই নিজৰ এদিনীয়া উপাৰ্জন বৰ্নাত্য সকলৰ বাবে সাহাৰ্য্য প্ৰদান কৰিছে।

ঈশাই ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰা কথা,"“I urge you to donate money food clothes whatever you can in your own way, no one needs to know how much and what, lend a helping hand because you can. Kerala needs us, humanity needs us. They are right now cut off from the world with no one other way but choppers reaching out for supplies. Let’s stand together.”

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com