কৰণী সেনালৈ বুলি হুংকাৰ অভিনেত্ৰী কংগনা ৰানাউটৰঃ কিন্তু কি ক’লে কংগনাই?

কৰণী সেনালৈ বুলি হুংকাৰ অভিনেত্ৰী কংগনা ৰানাউটৰঃ কিন্তু কি ক’লে কংগনাই?

বলীউডৰ ছবি আৰু কৰণী সেনা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷কাৰণ ২০১৬ বৰ্ষত মুক্তি পোৱা পদ্মাৱতৰ পিছত সম্প্ৰতি কৰণী সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে "মণিকৰ্নিকা"ত ক্ষেত্ৰত ৷ "মণিকৰ্ণিকা"সন্দৰ্ভত কৰণী সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে ছবিখন মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত যদি তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে পৰিস্থিতি ভয়ংকৰ হ’ব ৷ কৰনী সেনাৰ এই প্ৰতিক্ৰিয়াৰ পিছত কংগনা ৰানাউটে(Kangana Ranaut) তীব্ৰ বাক্যৰে সমালোচনা কৰিছে ৷ কৰণী সেনালৈ বুলি তীব্ৰ বাক্যবাণ এৰি কংগনা ৰানাউটে কয় যে যদি কৰণী সেনাই ছবি খনৰ সন্দৰ্ভত বিবাদ স্তব্ধ নকৰে তেন্তে কংগনাও ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব ৷ লগতে কংগনা ৰানাউটে কৰণী সেনাৰ লগত বিবাদ কৰিবলৈ প্ৰস্তুতি কৰিছে৷

উল্লেখ্য যে "মণিকৰ্নিকা"ৰ সন্দৰ্ভত ৰাণী লক্ষ্মীবাঈ আৰু ব্ৰিটিছ বিষয়াৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি গুজব ওলাইছে ৷ কিন্তু সম্প্ৰতি এই গুজৱ নাকচ কৰিছে ছবিখনৰ নিৰ্মাতাই৷ ইফালে কংগনাই মন্তব্য কৰে যে,চাৰিজন ইতিহাস কাৰীয়ে মনিকৰ্ণিকাক প্ৰমাণিত কৰিছে ৷ লগতে আমি চেঞ্চৰৰ পৰা চাৰ্টিফিকেটো লাভ কৰিছোঁ ৷ এই সম্পৰ্কত কৰণী সেনাক অৱগত কৰা হৈছিল যদিও মোক ব্যতিব্যস্ত কৰিবলৈ এৰা কৰ্ণী সেনাই ।ময়ো এগৰাকী ৰাজপুত ৷ মই তেওঁলোকৰ প্ৰত্যেককে শেষ কৰি দিম ৷ এই মন্তব্য অভিনেত্ৰী কংগনা ৰানাউটৰ।

উল্লেখ্য যে কৰণী সেনা হৈছে ৰাজস্থানৰ ৰাজপুত সকলৰ এটা সংগঠন ৷ এই সংগঠনটো স্থাপন হৈছিল ২৩ ছেপ্তেম্বৰৰ ২০০৬ চনত ৷ কৰণী সেনা সংগঠনটোৱে ৰাজপুত সকলৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰে । কৰণী সেনাৰ উদ্দেশ্য হৈছে ৰাজপুতসকলৰ মাজত একতা বৰ্তাই ৰখা,ৰাজপুত ইতিহাস ৰক্ষা কৰা ,ৰাজপুত মহিলা সকলক শিক্ষিত তথা আত্ম নিৰ্ভৰশীল কৰা,ৰাজপুতৰ সকলৰ হিতৰ কাৰণে কাম কৰা ,তেওঁলোকক প্ৰাপ্য সমূহ প্ৰদান কৰা আদি ৷কিন্তু ৰাজপুত সকলৰ ব্যৱহাৰ অথবা তেওঁলোকৰ ধ্যান ধাৰণা সমূহৰ জৰিয়তে জনসাধাৰণৰ মাজত ইতিবাচক দিশতকৈ নেতিবাচক দিশটোহে চকুত পৰে ।অন্যহাতে,

বলীউডৰ কুইন কংগনাৰ প্ৰায় ছবিয়েই ধুমুহাৰ সৃষ্টি কৰে বক্স অফিচত ৷ লগতে “মণিকৰ্ণিকা”ৰ ট্ৰেইলৰটোত কংগনাৰ জীৱন্ত অভিনয় দেখিবলৈ পোৱা গৈছে ৷ছবিখনত কিতাপত পোৱা সেই ঝান্সী ৰাণী লক্ষ্মীবাঈক জীৱন্ত ৰূপত ফুটাই তুলিছে কংগনাই ৷ কংগনাৰ লুক, কংগনাৰ অভিনয়,এক্সন সকলোবোৰেই জীৱন্ত ৷

আমাৰ সকলোৰে মৰমৰ তন্নু আৰু মন্নু অৰ্থাৎ কংগনাৰ লুক “মণিকৰ্ণিকা”ত সচাকৈয়ে, বিশেষভাৱেই উল্লেখযোগ্য ৷ ইফালে,ছবিখনৰ ডায়ল’গসমূহ দেশ প্ৰেমেৰে ভৰা ৷ “আমি সকলোৱে যুদ্ধ কৰিম ৷ যাতে আমাৰ পিছৰ প্ৰজন্মই স্বাধীনতাৰ উৎসৱ উদযাপন কৰিব পাৰে ৷”এনেধৰণৰ দেশপ্ৰেম মূলক ভাষাই প্ৰাধান্য পাইছে ছবিখনত ৷ অন্যহাতে,মণিকৰ্ণিকা ছবিখন ডাইৰেক্ট কৰিছে কংগনা ৰাণাউটে ৷ আনহাতে ছবিখনত অংকিতাৰ ফাষ্ট লুকে সকলোকে আকৰ্ষণ কৰিছে ৷ সম্প্ৰতি কংগনাৰ অনুৰাগী তথা চলচ্চিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব ২৫ জানুৱাৰীলৈ ৷ কাৰণ ছবিখনে মুক্তি পাব ২৫ জানুৱাৰীতে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com