গলী বয়"ৰ জৰিয়তে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ প্ৰস্তুষ্টি ৰনৱীৰ সিঙৰ

গলী বয়"ৰ জৰিয়তে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ প্ৰস্তুষ্টি ৰনৱীৰ সিঙৰ

বলীউডত সততে ছুপাৰহিট ছবিৰে ধুমুহাৰ সৃষ্টি কৰা ৰনৱীৰ সিঙৰ(Ranveer Singh) মুক্তি পাব লগীয়া এখন ছবি হৈছে "গলী বয়" ৷প্ৰায় ৫০০ কোটি উপাৰ্জন কৰা ৰনৱীৰ সিঙৰ ছবিসমূহৰ পিছত সদ্যহতে মুক্তিৰ অপেক্ষাত থকা ছবিখনত লৈ যথেষ্ট উৎসাহী অনুৰাগীসকল৷ ইফালে, "গলী বয়" ছবিখনত ৰনৱীৰ সিঙৰ লগত অভিনয় কৰিছে অভিনেত্ৰী আলিয়া ভট্টই ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ এই ট্ৰেইলৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছে সকলোকে ৷ ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । উল্লেখ্য যে,"গলী বয়" ছবিখন মুক্তি পাব "ভেলেন্টাইন ডে" অৰ্থাৎ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ইফালে ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি "চিম্বা"ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে "গলী বয়"ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷প্ৰত্যেক গৰাকী নিৰ্মাতায়ে কৰা বিশ্বাসেৰ কাৰণে ছবিসমূহত জীৱন্ত অভানয় কৰাৰ কথাও উল্লেখ কৰে অভিনেতা ৰনৱীৰ সিঙে৷

উল্লেখ্য যে, ২০১৮ বৰ্ষত মুক্তি লাভ কৰা ছুপাৰহিট ছবি "পদ্মাৱত"ছবিখনে ৩০০ কোটি টকা উপাৰ্জন কৰে । লগতে "চিম্বা"ই উপাৰ্জন কৰে প্ৰায় ২০০ কোটি টকা৷উল্লেখ্য যে ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি "বেণ্ড বাজা বাৰাট"ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰনৱীৰ সিঙে ৷ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷লগতে ছবিখনৰ জৰিয়তে ফিল্ম ফেয়াৰ এৱাৰ্ডে দিয়া ডেৱিউট বেষ্ট এক্টৰ বটাঁ লাভ কৰে ৰনৱীৰে। ইয়াৰ পিছত ২০১৩ বৰ্ষত "লুটেৰা",২০১৪ চনত "গুণ্ডে",২০১৫ চনত "ডিল ধড়ক নে দো",অন্যতম ৷কিন্তু ৰনৱীৰ সিঙৰ বহু চৰ্চিত ছবিসমূহ হৈছে সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৩ বৰ্ষৰ "গুলীয়ো কি ৰাসলীলা ৰাম লীলা", ২০১৫ চনৰ মুক্তি পোৱা "বাজীৰাও মস্তানী", এই ছবিখনত ৰনৱীৰে শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল ৷

ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি "পদ্মাৱত",ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি "গলী বয়"ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷

অধিক খবৰৰ বাবে : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com