চলচিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰ: নতুন বৰ্ষত আহি আছে বিগ বাজেটৰ ছবি

চলচিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰ: নতুন বৰ্ষত আহি আছে বিগ বাজেটৰ ছবি

চলচ্চিত্ৰ প্ৰেমীসকলৰ কাৰণে সুখবৰ ৷ আহি আছে মহাভাৰত ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি চলিত বৰ্ষ অৰ্থাৎ নতুন বৰ্ষতেই আৰম্ভ হ’ব মহাভাৰতৰ দৃশ্যগ্ৰহণ । কিন্তু ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হ’বলৈ লাগিব পাৰে প্ৰায় ৪-৫ বছৰ ৷ ইফালে ছবিখনৰ বাজেট হৈছে ১০০০ কোটি । ছবিখনত বলীউডৰ বিগ বি অমিতাভ বচ্চন,আমিৰ খান,অজয় দেৱগণ,ঋতৃক ৰোশন,ফৰহান আখটাৰ, ৰণৱীৰ সিং,অভিষেক বচ্চন, চানী দেৱল,জেকী শ্ৰফ,গুলচন গ্ৰোবৰ,দীপিকা পাদুকণ,ঐশ্বৰ্য ৰায় বচ্চন,ৰেখা,বিদ্যা বালান,মনোজ বাজপেয়ী,অনুপম খেৰৰ দৰে বহু জনপ্ৰিয় অভিনেতা ৷ ছবিখনৰ নিৰ্মাতা বাহুবলীৰ প্ৰসিদ্ধ নিৰ্মাতা এচ এচ ৰাজামৌলী ৷

নৱবৰ্ষত চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজলৈ আহিব লগা ছবিসমূহ হৈছে "সাহু" বাজেট হৈছে ৩০০ কোটি । ষ্টাৰ হৈছে শ্ৰদ্ধা কাপুৰ আৰু প্ৰভাস ৷ ছবিখনে মুক্তি পাব ১৫ আগষ্টত ৷ "পানীপত" ছবিখন মুক্তি পাব ৬ ডিচেম্বৰত ৷ বাজেট ২৮৫ কোটি টকা ৷ ছবিখনৰ ষ্টাৰ কাষ্ট হৈছে অৰ্জুন কাপুৰ ৷ "ভাৰত"ছবি খনৰ বাজেট ২০০ কোটি ৷ ষ্টাৰ কাষ্ট হৈছে চলমান খান,কেটৰীণা কাইফ ।ৰিলীজ হ’ব এই বৰ্ষৰ ৬ ডিচেম্বৰত ৷ "কলংক" ছবিখনৰ বাজেট হৈছে ১৪০ কোটি টকা,ষ্টাৰ কাষ্ট হৈছে সঞ্জয় দত্ত ৷ ছবিখনে মুক্তি লাভ কৰিব ১৯ এপ্ৰিলত ৷ "মণিকৰ্ণিকা"ছবিখনৰ ষ্টাৰ কাষ্ট হৈছে কংগনা ৰনোট ৷ ছবিখনৰ মুক্তি লাভ কৰিব ২৫ জানুৱাৰীত ৷

লগতে এই বৰ্ষতে আহিব আত্মজীৱনীৰ ছবি । ইয়াৰ ভিতৰত নৱাজুদ্দীন চিদ্দীকীৰ "ঠাকৰে" ৷ ঋতৃক ৰোশনৰ চুপাৰ-৩০,সোনম কাপুৰৰ "দ্য জোয়া ফেক্টৰ", দীপিকা পাডুকনৰ "চপক",শ্ৰদ্ধা কাপুৰৰ চাইনা নেহৱাল৷ ইফালে হলীউডত এই বৰ্ষতে চিকুৱেল আৰু 4D ছবি সকলোতকৈ বেছি মুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত ফ্ৰোজেন-২, দ্য এংগ্ৰী বাৰ্ডছ -২,দ্য লিগো মুৱী-২,জুমাংজী -৩,টাৰ্মিনেটাৰ-৬ ষ্টাৰ্চ বাৰ্ছ -৯ আদিৰ চিকুৱেল ছবি নিৰ্মিত হ’ব । ষ্টাৰ ৱাৰ্চ-৯ ৰ বাজেট প্ৰায় ১,৯৭৭ কোটি টকা ৷ ইয়াৰ বাহিৰেও মেন ইন ব্লেক ইন্টাৰনেশ্যনেল, গ’ডজিলা কিং অৱ মাষ্টৰ্চও আহি আছো চলচ্চিত্ৰ প্ৰেমীক আমোদ দিবলৈ ৷

এই বৰ্ষটোত শিশুসকলৰ ছবিৰ ক্ষেত্ৰত আহিব চিক্ৰেট লাইফ অৱ পেটৰ্চ,আলাউদ্দিন উল্লেখ্য ৷ অন্যহাতে সম্প্ৰতি বলীউডৰ লগতে হলীউডৰ এই বিগ বাজেটৰ ছবিসমূহে বিশেষকৈ অনুৰাগী সকলৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে। কাৰণ ২০১৮ চনত "ভাৰত"ৰ অনলাইন ভিডিঅ’ৰ দৰ্শকৰ সংখ্যা হৈছে প্ৰায় ২২.৫ কোটি ৷ ২০২৩ চনলৈকে ইয়াৰ সংখ্যা ৫৫ কোটি হোৱাৰ সম্ভাৱনা আছে । ২০১৯ চনৰ অনলাইন ছবি চোৱাৰ ক্ষেত্ৰত ৩.২২ লাখ কোটি হ’ব। ইয়াৰ বিপৰীতে ছবি গৃহত ছবি চোৱাৰ ব্যৱসায় প্ৰায় ২.৮ লাখ কোটিহে হয়।

উল্লেখ্য যে চীনৰ পিছতে ভাৰতবৰ্ষত দ্বিতীয়টো বৃহৎ ভিডিঅ’ মাৰ্কেট হয় ৷কিন্তু যিয়েই নহওক সকলোৰে অপেক্ষা মাথো বিগ বাজেটৰ ছবিসমূহ মুক্তি হোৱালৈ৷ কাৰণ উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা ছবিসমূহৰ চাক্ষুস সোৱাদ ল’বলৈ সততে অপেক্ষা কৰে ছবিৰ অনুৰাগীসকলে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com