ছবি গৃহৰ বাহিৰত বিবাহ পাশত আৱদ্ধ হ’ল দক্ষিনৰ অভিনেতা ৰজনীকান্তৰ অনুৰাগী

ছবি গৃহৰ বাহিৰত বিবাহ পাশত আৱদ্ধ হ’ল দক্ষিনৰ অভিনেতা ৰজনীকান্তৰ অনুৰাগী

ৰজনীকান্তৰ (rajinikanth) প্ৰসিদ্ধিৰ কথা নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই ৷ শেহতীয়া এগৰাকী অনুৰাগীয়ে কৰা এক কাৰ্যই আচৰিত কৰি তুলিব আপোনাক৷ ৰজনী কান্তৰ ছবি "পেটটা"মুক্তি পাইছে সদ্যহতে ৷ এই সময়তে এহাল যুৱক যুৱতীয়ে "পেটটা" ছবিখন পৰিদৰ্শন কৰাৰ প্ৰাকমুহুৰ্তত ছবিগৃহৰ বাহিৰত বিবাহ পাশত আৱদ্ধ হয়। ৩৫ বয়সীয়া অনবৰসু আৰু ২৮ বছৰীয়া কাম্যাছীয়ে সেই মুহুৰ্তটোক সজীৱ কৰি ৰাখিবলৈ পৰিয়াল তথা বন্ধু বৰ্গক পাৰ্টী দিয়ে ৷

কিন্তু ছবি গৃহৰ বাহিৰত বিবাহ পাশত আৱদ্ধ হোৱা এই নৱ দম্পতীহালৰ এই বিয়াৰ প্ৰসংগত কৰা মন্তব্যই হৃদয় চুই যাব আপোনাৰ ৷ নৱ দম্পতী হালে কয় যে,জীৱনৰ সকলোতকৈ গুৰুত্ব পূৰ্ণ স্তৰ বিয়া সাধাৰণতে ভগৱানৰ গৃহত হয়। কিন্তু অভিনেতা ৰজনীকান্ত আমাৰ কাৰণে ভগৱান সদৃশ। গতিকে আমি ছবি গৃহৰ বাহিৰতে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত ল’লো । অন্যহাতে, "পেট্টা"ছবিখনত ৰজনীকান্তৰ লগত বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দীকীও আছে ৷ ইফালে নিৰ্দেশক কাৰ্তিক সুব্বাৰাজৰ "পেট্টা"ছবিখনৰ টিকট বুক কৰোঁতেই প্ৰায় ৩২.৮৫ কোটি টকা উপাৰ্জন কৰে।

উল্লেখ যে দক্ষিণ ভাৰতৰ লগতে সমগ্ৰ বিশ্বত ৰজনীকান্ত প্ৰসিদ্ধ বুলিও ক’লেও ভূল কোৱা ন’হব।কণমানিৰ পৰা বয়োজেষ্ঠ্য জনলৈ প্ৰত্যেকজনৰ হৃদয়ত এখন বিশেষ আসন দখল কৰিবলৈ সক্ষম হৈছে দক্ষিনৰ ছুপাৰষ্টাৰ ৰজনীকান্তে ৷ ৰজনীকান্ত আৰু হিটছবি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ আজি তামিলনাডুকে ধৰি বিশ্বৰ অসংখ্য লোকে ৰজনীকান্তক হৃদয়ত এটি বিশেষ ঠাইত ৰাখে ৷ শিৱাজীৰাও গায়কবাড় অৰ্থাৎ ৰজনীকান্তৰ জন্ম হৈছিল ১৯৫০ চনৰ ১২ ডিচেম্বৰত ৷ কৰ্ণাটকত জন্মগ্ৰহণ কৰা ৰজনীকান্তৰ পিতৃ ৰামোজী আছিল আৰক্ষী কনিষ্টবল ৷ ৰজনীকান্তৰ ৫ বছৰ বয়সতে মাতৃ জীজাবাঈৰ মৃত্যু হয় ৷ ১৯৮১ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৰজনীকান্তে লতা ৰংগাচাৰীৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷অন্যহাতে, বহু ঘাত প্ৰতিঘাতৰ মাজৰে ৰজনীকান্তে বলীউড তথা টলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

ৰজনীকান্তক জনসাধাৰণ বা অনুৰাগীসকলে অভিনেতা হিচাপেই ভাল নাপায়; ভাল পায় এজন হৃদয়বান ব্যক্তি হিচাপে ৷ৰজনীকান্তে যিকোনো ছবি কৰি যি টকা উপাৰ্জন কৰে ৷ সেই টকা ছবিখন বক্স অফিছত নছলিলে বা দৰ্শকে আদৰি নললে প্ৰমোশ্যনৰ বাবে লোৱা টকা ৰজনীকান্তে প্ৰযোজক নিৰ্মাতাক ঘূৰাই দিয়ে ৷ লগতে ৰজনীকান্তে এতিয়ালৈকে কোনো বিজ্ঞাপনত অভিনয় কৰা নাই ৷ ইফালে প্ৰায় ৩৬০ কোটি টকাৰ মালিক দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত ৷ কিন্তু বিশাল সম্পত্তি থকাৰ পিছতো অত্যন্ত সাধাৰণ জীৱন যাপন কৰে ৰজনীকান্তে ৷ ছবি বা অন্যান্য যিকোনো ক্ষেত্ৰত যিখিনি উপাৰ্জন কৰে তাৰ আধায়েই দান কৰি দিয়ে ৰজনীকান্তে ৷ জনপ্ৰিয় ফ’ৰ্বছ আলোচনীত সকলোতকৈ বেছি উপাৰ্জন কৰা ষ্টাৰ সকলৰ ভিতৰত ২০১৮ চনত ৫০ কোটি উপাৰ্জন কৰা ৰজনীকান্তৰ স্থান হৈছে ১৪ ৷

সচাঁকৈয়ে ইমান পৰিমাণৰ ধন উপাৰ্জন কৰিও কিন্তু ৰজনীকান্তৰ কোনো অহংকাৰ নাই,নাই কোনো আক্ষেপ৷ অসংখ্যজনক সহায় কৰি অসংখ্যজনৰ হৃদয়ত স্থান পাবলৈ সক্ষম হোৱা তথা বহুতৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ৰজনী কান্তক জনতাই এজন অভিনেতা হিচাপেই নহয় এজন হৃদয়বান,দানৱীৰ ৰূপত শ্ৰদ্ধা কৰে,মৰম কৰে ৷ গতিকে দীৰ্ঘায়ু হওক ৰজনীকান্ত ৷ এইয়াই আশা জনসাধাৰণৰ লগতে ৰজনীকান্তৰ অনুৰাগীৰো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com