জে ছিষ্টাৰ্চৰ সৈতে আনন্দৰ মূহুৰ্ত্তত দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা

জে ছিষ্টাৰ্চৰ সৈতে আনন্দৰ মূহুৰ্ত্তত দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আমেৰিকাৰ বোৱাৰী হলেও,এগৰাকী ভাৰতীয় বোৱাৰীৰ লক্ষণ দেখা যায় অভিনেত্ৰী গৰাকীৰ মাজত ৷ প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াৰ একাউন্টত সততে স্বামী নিক জ’নাছৰ লগতে জ’নাছ ব্ৰাদাৰ্ছ আৰু জ’নাছ চিষ্টাৰ্ছৰ ফ’টোৱে ভৰি থাকে ৷ অলপতে প্ৰিয়াংকাই ইনষ্টাগ্ৰাম একাউন্টত ডেনিয়েল জ’নাছ আৰু চ’ফী টনাৰৰ লগত এখন ফ’টো প’ষ্ট কৰিছে ৷ আৰু লিখিছে জে চিষ্টাৰ্ছ আকৌ একেলগে৷

https://www.instagram.com/p/Bv5QQkXHWuf/

লগতে প্ৰিয়াংকা জ’ জনাছৰ প্ৰেমিকা ছ’ফি আৰু কবিন জ’নাছৰ পত্নী ডেনিয়েলক টেগ কৰিছে ৷ এই তিনিগৰাকী অথাৎ জে চিষ্টাৰ্ছক দেখিবলৈ পোৱা গৈছে "চাকাৰ" ভিডিঅ’টিত ৷ আৰু সদ্যহতে তেওঁলোকে "কুল" মুক্তি দিছে ৷ ইফালে কুল মুক্তি দিয়াৰ পিছতো প্ৰিয়াংকা চোপ্ৰাই সমগ্ৰ পৰিয়ালৰ এখন ফ’টো শ্বেয়াৰ কৰিছে ৷ ফ’টো খনত নিক জ’নাছ, কবিন জ’নাছ, জ’ জ’নাছ,সফী ট’নাৰ আৰু ডেনিয়েল জ’নাছৰ দেখা গৈছে ৷

https://www.instagram.com/p/Bv5aGJKnWVk/

ইফালে প্ৰিয়াংকা ছোপ্ৰাক শেহতীয়াকৈ দেখা যাব দ্য স্কাই ইজ পিংকত ৷ প্ৰিয়াংকাৰ উপৰিও ছবিখনত আছে ফাৰহান আখতাৰ আৰু জাইৰা বসীম ৷ নিক জ’নাছ সম্প্ৰতি ব্যস্ত আছে জুমাজী ৱেনকাম টু দ্য জংগলত ৷

বলীউডৰ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদৰ খবৰে মাৰ্চৰ শেষত যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ এখন আমেৰিকাৰ আলোচনীয়ে দাবী কৰিছিল যে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ বিবাহ বিচ্ছেদ হ’ব ৷ ইয়াৰ পিছতেই নিক আৰু প্ৰিয়াংকা চোপ্ৰাই সেই আলোচনীখনৰ বিৰুদ্ধে মানহানি গোচৰ দিবলৈ মন মেলিছে ৷

ইফালে এক বিশেষ সূত্ৰৰ খবৰ প্ৰিয়াংকা আৰু নিক জ’নাছে প্ৰথমতে এই বিষয়ে লীগেল টীমৰ লগত মতবিনিময় কৰিব ৷ আৰু তাৰ পিছত সেই আলোচনীখনক এই সমগ্ৰ খবৰটো খণ্ডন কৰিবলৈ ক’ব। যদি এই কথা মানি নলয় তেন্তে জ’নাছ দম্পত্তিয়ে বৃহৎ ৰাশিত মানহানি গোচৰ দাখিল কৰিব ৷আন এক তথ্য অনুসৰি, বিবাহ বিচ্ছেদৰ খবৰ আহিছিল এনেদৰে যে নিক জ’নাছে প্ৰিয়াংকা চোপ্ৰাৰ কথা মতে বিবাহ পাশত আৱদ্ধ হৈছে যদিও এতিয়াহে তাৰ পৰিণাম ভূগিছে ৷অৱশ্যে অনুৰাগীক এপ্ৰিল ফুল কৰা বুলিও গুজৱ ওলাইছে বি টাউনত।

গতিকে নিকৰ পৰিয়ালে দুয়ো গৰাকীৰে বিবাহ বিচ্ছেদ হোৱাটো বিছাৰিছে ৷ইফালে এই সমগ্ৰ খবৰ প্ৰকাশ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ’নাছ দম্পত্তিয়ে ৷ কিছু সংখ্যকৰ মতে এয়া খবৰ সম্পূৰ্ণ মিছা ৷কাৰণ প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ সম্পূৰ্ণ সুখী ৷ কাৰণ প্ৰিয়াংকি আৰু নিক জ’নাছৰ পৰিয়াল সদ্যহতে আহিছে মিয়ামীৰ পৰা ৷

পৰিয়াল পৰিজনৰ লগত মিয়ামীত কটোৱা প্ৰত্যেকটি মুহুৰ্ত্তৰ খবৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে লাভ কৰিছিল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ অনুৰাগীয়ে ৷ আজি কিছুদিনৰ আগতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছৰ পৰিয়ালে একেলগে চ’কাৰ ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছিল ৷হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ (Priyanka Chopra) নাম মনোৰঞ্জন জগতৰ ৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছত অভিনেত্ৰী গৰাকী পৰিয়ালৰ সৈতে সম্প্ৰতি ব্যস্ত আছিল মিয়ামী ভ্ৰমণত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com