ডুবাইৰ নাবালিকাক অশ্লীল ফ’টো দি গ্ৰেপ্তাৰ গায়ক মীকা সিঙ

ডুবাইৰ নাবালিকাক অশ্লীল ফ’টো দি গ্ৰেপ্তাৰ গায়ক মীকা সিঙ

বলীউডৰ লগতে অন্যান্য সংগীত জগতত কণ্ঠ নিগৰাই জনপ্ৰিয় হোৱা মীকা সিঙৰ যেন বিৰ্তকৰ যেন লগ নেৰা অৱস্থা। শুক্ৰবাৰে মীকা সিঙক ডুবাই আৰক্ষীয়ে আটক কৰে ৷ ডুবাইৰ ১৭ বছৰীয়া এগৰাকী মডেলক অশ্লীল ফ’টো দিয়াৰ কাৰণে ডুবাইৰ আৰক্ষীয়ে নিশা ৩ বজাত গ্ৰেপ্তাৰ কৰে মীকা সিঙক।

সম্প্ৰতি মীকা সিঙ আছে ডুবাইৰ মুৰক্কাবাত আৰক্ষী থানাত ৰখা হৈছে ৷ইফালে মীকা সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছত দুখত ভাগি পৰিছে ৰাখী সাৱন্ত । ইনষ্টাগ্ৰামত এটি ভিডিঅ’ৰ জৰিয়তে ৰাখী সাৱন্তে দুখ প্ৰকাশ কৰাৰ লগতে মীকা সিঙত জেইলৰ পৰা বাহিৰ কৰিবলৈও ডুবাইলৈ যাত্ৰা কৰাৰ কথাও উল্লেখ কৰিলে ৰাখীয়ে। লগতে ৰাখী সাৱন্তে ১২ বছৰ পুৰণি বিবাদ ৰাখী আৰু মীকা সিঙৰ চুম্বন বিতৰ্কটো সাঙুৰি আনিবলৈ নাপাহৰিলে ৷

এটি ভিডিঅ’ৰ জৰিয়তে ৰাখী সাৱন্তে মীকা সিঙক কয় যে মোৰ বন্ধু হৈ এনেকুৱা কাণ্ড কিয় কৰা? লগতে ৰাখী আৰু মীকা সিঙৰ লগত হোৱা চুম্বন বিৰ্তকৰ সন্দৰ্ভত ৰাখীয়ে কয় যে মোৰ ক্ষেত্ৰত মুম্বাইৰ আৰক্ষীয়ে একো সিদ্ধান্ত ল’ব নোৱাৰিলে৷লগতে মীকাক অনতিপলমে বিবাহ পাশত আৱদ্ধ হ’বলৈ ক’লে ৰাখী সাৱন্তে ৷

উল্লেখ্য যে মীকা সিঙৰ এই বিতৰ্ক নতুন নহয়৷২০১৫ চনত দিল্লীৰ এক অনুষ্ঠানত মীকা সিঙে এজন চিকিৎসকক প্ৰহাৰ কৰিছিল ৷কিন্তু সম্প্ৰতি মীকা সিঙৰ ডুবাই কাণ্ডই কি মোৰ লয় সেয়াহে হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com