দিলজিত দোসাঞ্জৰ সন্দৰ্ভত কি ক’লে কৰীনা কাপুৰ খানে ?

দিলজিত দোসাঞ্জৰ সন্দৰ্ভত কি ক’লে  কৰীনা কাপুৰ খানে ?

বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে অভিনেতা তথা গায়ক দিলজিত দোসাঞ্জক দিলে এটি বিশেষ বাৰ্তা ৷ দিলজিত দোসাঞ্জে শেহতীয়াকৈ কণ্ঠদান কৰা Kylie and kareena শীৰ্ষক গীতটিৰ ভিডিঅ’টি কাৰণে কৰীনাই ভূয়সী প্ৰশংসা কৰিলে দিলজিতক ৷

বলীউডৰ সুন্দৰী কৰীনাই কয় যে দিলজিতে বহুত সীমিত পৰিমাণে কথা কয়। যাৰ কাৰণে অভিনেতা তথা গায়ক জনক পছন্দ কৰে কৰীনা কাপুৰ খানে। অন্যহাতে পৰৱৰ্তী ছবিসমূহত আৰু অধিক কথা পতাৰ দিলজিত দোসাঞ্জক প্ৰতিশ্ৰুতি দিয়ে কৰীনা কাপুৰ খানে ৷ লগতে, দিলজিত দোসাঞ্জে কৰীনা কাপুৰ খানৰ মন্তব্য,আগবঢ়াইছে অনুৰাগীলৈ ৷

https://www.instagram.com/p/Bww253qFXWB/

উল্লেখযোগ্য যে কৰীনা কাপুৰ খান সম্প্ৰতি ব্যস্ত আছে গুড নিউজ ছবিৰ দৃশ্য গ্ৰহণত ৷ ছবিখনত অক্ষয় কুমাৰ, দিলজিত দোসাঞ্জ,কৰীনা কাপুৰ খান আৰু কাইৰা আদৱানিৰ লগত অভিনয় কৰিছে বহু ন পুৰণি শিল্পীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com