প্ৰিয়ংকা চোপ্ৰাই অভিনয় নকৰে চলমান খানৰ “ভাৰত” ছবিত

প্ৰিয়ংকা চোপ্ৰাই অভিনয় নকৰে চলমান খানৰ “ভাৰত” ছবিত

ডেচী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই ত্যাগ কৰিলে চলমান খানৰ আহিবলগীয়া ছবি "ভাৰত"ৰ পৰা।দৰ্শক তথা তেওঁলোকৰ অনুৰাগী সকলে আশা কৰিছিল যে ২০০৮চনৰ "গড তুচী গ্ৰেট হো" ছবি খনৰ পিছত বহু সময়ৰ অন্তত দুয়ো তাৰকাকে একেলগে দেখিবলৈ পোৱা যাব 'ভাৰত' ছবি খনৰ জৰিয়তে।কিন্তু এই কথা যেন মিছা হৈ পৰিল।প্ৰিয়ংকাৰ টুইটাৰ যোগে প্ৰকাশ কৰা এই খবৰটি ইতিমধ্যে চাৰিওফালে বিয়পি পৰিছে।

প্ৰিয়ংকাই ,"ভাৰত" ছবি খনৰ নিৰ্দেশক আলী আব্বাজ জাফৰক টুইটাৰ যোগে প্ৰকাশ কৰা মতে,এক বিশেষ কাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰে,লগতে অতিকৈ চৰ্চাত থকা নিক জনচৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰো সম্ভৱনা আছে বুলি আলী আব্বাজে জানিব দিয়ে।ইয়াৰ উপৰিও,পূৰ্বৰ চুক্তি অনুসৰি চোনালী বসৰ ছবি "স্কাই ইজ পিংক"ৰ দৃশ্যগ্ৰহন ৮ আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি অৱগত কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com