প্ৰিয়াংকা নিকৰ বিবাহৰ প্ৰাকমুহূৰ্তত প্ৰকাশ পাইছে এটি বিশেষ সাক্ষাতকাৰ; নিক জোন্সৰ বিবাহ প্ৰস্তাৱত বাকৰুদ্ধ হৈ পৰিছিল প্ৰিয়াংকা

প্ৰিয়াংকা নিকৰ বিবাহৰ প্ৰাকমুহূৰ্তত প্ৰকাশ পাইছে এটি বিশেষ সাক্ষাতকাৰ; নিক জোন্সৰ বিবাহ প্ৰস্তাৱত বাকৰুদ্ধ হৈ পৰিছিল প্ৰিয়াংকা

সদ্যহতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিয়াখন চৰ্চাৰ শীৰ্ষত ৷ বলীউড তথা হলীউডৰ দুই বিগ চেলীব্ৰেটীৰ বিয়াখনক লৈ যেন উৎসুকতাৰ অন্ত নাই প্ৰিয়াংকা নিকৰ অনুৰাগীসকলৰ মাজত ৷ যোধপুৰৰ উমেদ ভৱনত হোৱা বিয়াখনক লৈ সম্প্ৰতি উখল মাখল যোধপুৰত৷ প্ৰিয়াংকা নিকৰ বিয়াৰ মাজতে সম্প্ৰতি চৰ্চালৈ আহিছে , প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ প্ৰেম আৰম্ভনিৰ প্ৰসংগ ৷ কাৰণ প্ৰিয়াংকা তথা নিকৰ অনুৰাগীসকলেও জানিবলৈ উৎসুক হৈ আছে নিকে প্ৰিয়াংকাক কেনেকৈ আৰু ক’ত প্ৰেম তথা বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল ? নিকে ক’ত প্ৰথম দেখিছিল দেশী গাৰ্ল প্ৰিয়াংকাক ? প্ৰথম সাক্ষাতত কি কথা বতৰা হৈছিল প্ৰিয়াংকা আৰু নিকৰ মাজত ? এই সকলো বোৰ প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে প্ৰিয়াংকা নিকৰ অনুৰাগী সকলে ৷

কিন্তু অনুৰাগীসকলৰ অপেক্ষা অন্ত পেলাই শেহতীয়াকৈ এখন আলোচনীয়ে প্ৰকাশ কৰিছে প্ৰিয়াংকাৰ এটি সাক্ষাতকাৰ ৷প্ৰিয়াংকা আৰু নিক জোন্সৰ প্ৰেমৰ সকলো প্ৰসংগই ঠাই পাইছে সাক্ষাৎকাৰটোত৷ আলোচনীখনৰ অনুসৰি, হলীউডৰ জনপ্ৰিয় ধাৰাবাহিক কুৱান্টিক’ৰ দৃশ্য গ্ৰহণৰ সময়ত ধাৰাবাহিকখনৰ প্ৰিয়াংকাৰ সহশিল্পী গ্ৰাহাম ৰোজৰ্চক এটি মেচেজ দিছিল নিক জোন্সে ৷মেছেজটোত প্ৰিয়াংকাক তোষামোদ কৰি প্ৰিয়াংকা দেখিবলৈ অতি সুন্দৰ বুলিও প্ৰশংসা কৰিছিল নিকে ৷ ইয়াৰ পিছত প্ৰিয়াংকাক ২০১৬ চনত প্ৰথমে টুইটাৰত এটা মেচেজ কৰিলে নিকে ৷ নিকে লিখিছিল যে আমাৰ কিছুমান বন্ধু বান্ধবীয়ে কৈছে যে আমি ইজনে সিজনক লগ কৰি কথা পাতিব লাগে ৷ আৰু নিক জোন্সে প্ৰিয়াংকাক টুইটাৰত দিয়া মেছেজটোৰ প্ৰিয়াংকাৰ ফালৰ পৰা উত্তৰ আহিল এনেদৰে যে এই মেছেজটো মোৰ বন্ধু বান্ধবীসকলে পঢ়িব পাৰে ৷ গতিকে নিকে প্ৰিয়াংকাক ফোনৰ জৰিয়তে যোগাযোগ কৰক ৷

লগতে আলোচনীখনে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ প্ৰেমৰ সন্দৰ্ভত প্ৰকাশ কৰে যে, ২০১৭ চনত প্ৰিয়াংকা আৰু নিকক ডিজাইনাৰ Ralph Lauren য়ে এটি শ্ব’ত ভাগ ল’বলৈও আমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পিছত প্ৰিয়াংকা আৰু নিক নিউয়ৰ্কৰ এটি পাৰ্টিত মিলিত হৈছিল যদিও পিছত প্ৰিয়াংকাই নিউয়ৰ্কস্থিত বাসগৃহলৈও নিকক আমন্ত্ৰণ জনাইছিল ৷সেই সময়ত প্ৰিয়াংকাৰ ঘৰত মাতৃ মধু চোপ্ৰাও আছিল ৷ প্ৰিয়াংকাই কয় যে আমি ঘৰত বহু ঘন্টা কথা পাতিছিলো ৷ লগতে সেই সময়ত কোনো চুম্বন হোৱা নাছিল বুলি আলোচনীখনৰ আগত প্ৰকাশ কৰে প্ৰিয়াংকাই ৷আলোচনীখনৰ আগত প্ৰিয়াংকাই নিকে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱ সম্বন্ধেও প্ৰকাশ কৰে ৷

তৃতীয়বাৰৰ কাৰণে নিকে প্ৰিয়াংকাক লগ কৰোতেই নিকৰ অনুভৱ হৈছিল যে নিকে জীৱন লগৰী হিচাপে বিচৰা গৰাকী প্ৰিয়াংকায়েই হয় ৷ নিকৰ কাৰণে প্ৰিয়াংকাই হৈছে উপযুক্ত ৷ নিক জোন্সৰ ভাষ্য অনুসৰি নিকে প্ৰিয়াংকাৰ জন্মদিনত প্ৰিয়াংকাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা নাছিল ৷ নিকে প্ৰিয়াংকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল গ্ৰীচত ৷প্ৰিয়াংকাৰ কাৰণে নিকে এসপ্তাহৰ আগতেই আঙুঠি ক্ৰয় কৰিছিল ৷ গ্ৰীচত নিকে প্ৰিয়াংকাৰ সন্মুখত আঙুঠিটো আগবঢ়াই সুধিছিল যে মই এই আঙুঠিটো তোমাৰ হাতত দিব পাৰোনে ৷লগতে প্ৰিয়াংকাৰ লগত বিবাহ পাশত আৱদ্ধ হৈ বিশ্বৰ সকলোতকৈ সুখী ব্যক্তি হ’ব বিচৰাৰ কথা প্ৰকাশ কৰে নিকে ৷

নিকে ৰোমান্টিকতাৰে আগবঢ়োৱা বিয়াৰ প্ৰস্তাৱত প্ৰিয়াংকা প্ৰায় ৪৫ ছেকেণ্ড বাকৰুদ্ধ হৈ পৰিছিল।যদিও নিকৰ প্ৰেম তথা বিয়াৰ প্ৰস্তাৱত সন্মতি জনায় প্ৰিয়াংকাই । অন্যহাতে প্ৰিয়াংকাই নিক জোন্সক অ’ল্ড মেন জোন্সচ বুলি মাতে ৷ কাৰণ, নিকে প্ৰিয়াংকাৰ দৃষ্টিভংগীক,ধাৰণাক ভাল পাই ৷ প্ৰিয়াংকাই যেনেদৰে বাস্তৱক আকোঁৱালি লয় সেয়া নিকে ভাল পায়৷সেয়েহে প্ৰিয়াংকাই নিকক "অল্ড মেন জোন্স"বুলি মাতে ৷

প্ৰকৃততে, সচৰাচৰ দেখা যায় যে,এগৰাকী মহিলাই এজন পুৰুষৰ পৰা মৰম আৰু সন্মান লাভ কৰাটো সাম্প্ৰতিক সময়ত বহুত ডাঙৰ কথা ৷তেনেস্থলত প্ৰিয়াংকই নিকৰ পৰা পোৱা মৰম আৰু সন্মান লৈ চাই প্ৰিয়াংকাক ভাগ্যৱতী বুলি ক’ব লাগিব ৷ইফালে ২৯ নৱেম্বৰ অৰ্থাৎ বৃহস্পতি বাৰে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ মেহেন্দী আৰু সংগীত হৈ যোৱাৰ পিছত ৩০ নৱেম্বৰ অৰ্থাৎ আজি আছে প্ৰিয়াংকা চোপা আৰু নিক জোন্সৰ বন্ধু বান্ধবী পৰিয়াল সকলোৰে মাজত ককটেইল পাৰ্টি ৷

সম্প্ৰতি প্ৰিয়াংকা নিকৰ বিয়াৰ কাৰণে প্ৰিয়াংকা নিকৰ পৰিয়াল তথা বন্ধু বান্ধবীয়ে যোধপুৰৰ উমেদ ভৱনত উখল মাখল পৰিবেশৰ সৃষ্টি কৰিছে ।উল্লেখ্য যে, প্ৰিয়াংকা আৰু নিকৰ বিয়াখন অনুস্থিত হ’ব দুটা নীতি নিয়মেৰে৷ ২ ডিচেম্বৰত হিন্দু আৰু ৩ ডিচেম্বৰত হ’ব খ্ৰীষ্টিয়ান ৰীতি নীতিৰে বিবাহ হ’ব৷ হিন্দু ৰীতি নীতিৰে হোৱা বিয়া খনত প্ৰিয়াংকাই পৰিধান কৰিব ডিজাইনাৰ অবু জানী আৰু সন্দীপ খোসলাৰ পোচাক ৷ অন্যহাতে ৩ ডিচেম্বৰত প্ৰিয়াংকাই পৰিধান কৰিব ডিজাইনাৰ Ralph Lauren ৰ পোচাক ৷ইফালে প্ৰিয়াংকা নিকৰ বিয়া উপলক্ষে এটি ৰিছিপচন পাৰ্টিৰ আয়োজন কৰিছে ৷ য’ত উপস্থিত থাকিব বলীউডৰ বহু ৰথী মহাৰথীৰ লগতে ৰাজনৈতিক নেতা ৷

অন্য খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com