বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম ন’হল বলীউডৰ এই দুখন ছবিয়ে

বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম ন’হল বলীউডৰ এই দুখন ছবিয়ে

বলীউডৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ন’টবুক আৰু জংগলী বক্স অফিচত ভাল ফলাফল দেখু্ৱাবলৈ সক্ষম ন’হল। ন’টবুক ছবি খন দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম ন’হল। কিন্তু জংগলী ছবিখনক ন’টবুকৰ তুলনাত দৰ্শকে আদৰি লয় ।ট্ৰেড এনালিষ্ট নৰেন্দ্ৰ গুপ্তাৰ মত অনুসৰি ছবি দুখনে চলচ্চিত্ৰ প্ৰেমীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম ন’হল ৷

ন’টবুক ছবিখনে বক্স অফিচত অৱস্থা শোচনীয় হয় ৷প্ৰথম সপ্তাহত ন’টবুক ছবিখনে ২.৫০ কোটি উপাৰ্জন কৰে ৷ ছবিখনৰ বাজেট আছিল ২০ কোটি টকা ৷গতিকে ছবি সমীক্ষকসকলৰ মতে ন’টবুক ছবি ২০ কোটিৰ সীমা অতিক্ৰম কৰিব সেয়া সন্দেহৰ আৱৰ্তত ৷ বলীউডৰ ভাইজান চলমান খানে এই ছবিখন প্ৰমোশ্যন কৰিছিল যদিও বক্স অফিচত ধৰশায়ী হৈ ন’টবুক ৷ ছলমান খানে আকৌ নটবুকৰ জৰিয়তে দুটি নতুন প্ৰতিভাক চিনাকী কৰাই দিব বিচাৰিছে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ৷ বলীউডৰ অভিনেত্ৰী নুতনৰ নাতিনী আৰু অভিনেতা মোহনীশ বহলৰ জীয়ৰী প্ৰনুতনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ সহশিল্পী হিচাপে আছে জহীৰ ইকবাল

ছলমান খানে বলীউডত নতুন মুখৰ লগত চিনাকী কৰাই দিয়ে দৰ্শকসকলক৷ ছলমান খানৰ ওচৰলৈ সহায়ৰ কাৰণে গ’লে মিষ্টাৰ খানে কেতিয়াও খালী হাতে নপঠায়৷ এনেকৈয়ে ছলমান খানে বলীউডৰ গড ফাদাৰলৈ ৰুপান্তৰিত হয়। ছলমান খানে নতুন প্ৰতিভা সমূহক বলীউডলৈ আনি লঞ্চ কৰি তেওঁলোকক আগবঢ়াই নিছে ৷ অৱশ্যে ছলমান খানে যেতিয়া চলমান খান ফিল্ম প্ৰডাকচন হাউচ আৰম্ভ কৰিছিল, তেতিয়াই ঘোষণা কৰিছিল যে,ছলমানে নতুন প্ৰতিভা সমূহক উলিয়াই আনিব ৷কিন্তু নতুন প্ৰতিভাসমূহক ছলমানে ছবিসমূহত স্থান দিলে যদিও সেই ষ্টাৰ সমূহে চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান পাবলৈ সক্ষম ন’হল।

অন্যহাতে চলমান খানে বডীগাৰ্ড শেৰাৰ পুত্ৰ টাইগাৰক লন্স কৰিব ৷ এই সময়ত চলমান খানে টীম টাইগাৰৰ কামত ব্যস্ত আছে ৷ অন্যহাতে চলমান খানে বিগত বৰ্ষত সুৰজ পাঞ্চালী,অথিয়া চেট্টী,আয়ুষ শৰ্মা,বৰীন হুচেইন,জহীৰ ইকৱাল,প্ৰনুতন বহলৰ দৰে অভিনেতা অভিনেত্ৰীক ইণ্ডাষ্ট্ৰীত লন্স কৰে ৷

ইফালে ট্ৰেড এনালিষ্ট অমোদ মেহৰাৰ মন্তব্য অনুসৰি ন’টবুকৰ কাহিনী দৰ্শকে বুজি নাপালে ৷ লগতে ছবিখনৰ প্ৰমোশ্যন ভালকৈ নকৰিলে ৷ইফালে নৰেন্দ্ৰ গুপ্তাৰ মন্তব্য অনুসৰি জংগলী ছবিখন ১৩ কোটি টকা উপাৰ্জন কৰে ৷ কিন্তু ন’টবুকতকৈ ভাল ফলাফল লাভ কৰে জংগলীয়ে ৷ জংগলী ছবিখন যুৱক যুৱতী সকলৰ উপৰিও শিশুসকলেও আদৰি নললে ৷

অন্যহাতে অক্ষয় কুমাৰ আৰু পৰিনীতি চোপ্ৰাৰ অভিনীত কেশৰী ছবিখনক আদৰি লয় সকলো দৰ্শকে। প্ৰায় ১৫০ কোটি টকা উপাৰ্জন কৰি চৰ্চাৰ শীৰ্ষত থাকে ৷ ন’টবুকত অভিনয় কৰিছিল। এই ছবিখন প্ৰমোশ্যন কৰে ছলমান খানে ৷ তৎসত্বেও ন’টবুকে ভাল ফলা ফল দেখুৱাবলৈ সক্ষম ন’হল ৷গতিকে বলীউডৰ প্ৰনুতন আৰু জহীৰ ইকবাল এই নতুন প্ৰতিভাক দৰ্শকে কেনেদৰে আকোঁৱালি লয় সেয়া হ’ব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com