বলীউডত বায়’পিকৰ ধাৰা অব্যাহত: এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকঃ মুখ্য চৰিত্ৰত অভিনয় কৰিব কোনে?

বলীউডত বায়’পিকৰ ধাৰা অব্যাহত: এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকঃ মুখ্য চৰিত্ৰত অভিনয় কৰিব কোনে?

বলীউডত সম্প্ৰতি আত্মজীৱনীৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ যেন ধুম উঠিছে ৷ ড° মনমোহন সিঙৰ বায়’পিক "এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ","মণিকৰ্ণিকা"ৰ পিছত এইবাৰ ছবি গৃহলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক ৷ আৰু এই বায়’পিক খনত প্ৰধানমন্ত্ৰী মোডীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা বিবেক অ’বেৰয়ে ৷ ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই টুইটাৰ যোগে প্ৰকাশ কৰে যে বিবেক অবেৰয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকত প্ৰধানমন্ত্ৰী মোডীৰ চৰিত্ৰত অভিনয় কৰিব ৷ ছবিখনৰ প্ৰথম পোষ্টাৰ জানুৱাৰী ৭ তাৰিখে ৰিলীজ হ’ব।লগতে ছবি খনৰ দৃশ্যগ্ৰহণ জানুৱাৰীৰ পৰা হ’ব বুলি উল্লেখ কয় ৷

ওমংগ কুমাৰৰ পৰিচালনাৰে ছবিখন প্ৰযোজনা কৰিব সন্দীপ এছ সিঙে ৷উল্লেখ্য যে ওমংগ কুমাৰে ৬ বাৰকৈ বিশ্ব বক্সিং চেম্পিয়ন হোৱা মেৰী ক’মত প্ৰিয়ংকা চোপ্ৰাৰ লগত কাম কৰিছিল আৰু ৰণডীপ হুডা আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ লগত "সৰবজীত"ত একেলগে কাম কৰিছিল ৷

ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকখনত জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে অভিনয় কৰাৰ কথা আছিল যদিও পিছত সেই সিদ্ধান্ত নাকচ কৰে পৰেশ ৰাৱলে । লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হ’ব । আনহাতে প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ হ’ব গুজৰাটত ৷ গতিকে সততে চৰ্চা লাভ কৰা ডায়নামিক পাৰ্চন নৰেন্দ্ৰ মোডীৰ বায়’পিক চাবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছে অনুৰাগীসকলে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com