বিদ্যাবালনৰ নতুন ছবিৰ বিশেষ শ্বুট্যিংস্থলী,হাইডৰাবাদ

বিদ্যাবালনৰ নতুন ছবিৰ বিশেষ শ্বুট্যিংস্থলী,হাইডৰাবাদ

বলীউদৰ অভিনেত্ৰী বিদ্যাবালনে এনটিআৰৰ বায়'পিকৰ ওপৰত আধাৰিত ছবিত কাম কৰিব।নতুনকৈ আহিবলগীয়া বিদ্যাৰ এই ছবি খনে দৰ্শকৰ মন জয় কৰিব বুলি আশা কৰা হৈছে।সাধাৰনতে বায়'পিক সমূহৰ কাহিনীভাগ এজন ব্যক্তিৰ সচাঁ জীৱনৰ ওপৰত আধাৰিত হোৱা বাবে দৰ্শকৰ মনত অধিক সাচঁ বহুৱাবলৈ সক্ষম হয়।বিদ্যাৰ এই বায়'পিক খনৰ নিৰ্দেশক কৃষ্ণা জগৰলামুদী,ছবি খনত বিদ্যাই এনটিআৰৰ পত্নী চৰিত্ৰটি ৰূপায়ন কৰিব।অলপতে ছবি খনৰ শ্বুট্যিংৰ কাম হাইডৰাবাদত চলি থাকে।জানিব পৰা মতে,ছবি খনৰ কিছু দৃশ্যৰ শ্বুট্যিং বিদ্যাবালনৰ সৈতে হাইডৰাবাদত থকা এনটি ৰামা ৰাওৰ ৰাজনীতিৰ দিশত আগবঢ়াৰ সময়ত থকা এপাৰ্টমেণ্টত কৰা হয়।

ছবি খন মুক্তি পাব ২০১৯চনৰ সংক্ৰান্তিত।এনটিআৰৰ বায়'পিক খন অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু ছবি জগতত কিংবদন্তি অভিনেতা হিচাপে ভুমুকি মাৰাৰ পৰা ৰাজনীতি ক্ষেত্ৰ খনৰ সকলো দিশ সামৰি লৈছে।ছবি খনত বাহুবলীৰ অভিনেতা প্ৰভাস,ৰানা দাগুবাটীকো দেখা পোৱা যাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com