বি টাউনত চৰ্চা ৰনবীৰ-আলিয়াৰ সম্পৰ্কঃৰনৱীৰ মোৰ জীৱনৰ প্ৰয়োজনীয় অংশঃআলিয়া ভট্ট

বি টাউনত চৰ্চা ৰনবীৰ-আলিয়াৰ সম্পৰ্কঃৰনৱীৰ মোৰ জীৱনৰ প্ৰয়োজনীয় অংশঃআলিয়া ভট্ট

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰৰ মাজৰ প্ৰেমৰ সম্পৰ্কটোক লৈ সততে চৰ্চা লাভ কৰি থাকে অনুৰাগীসকলৰ মাজত ৷ লগতে অনুৰাগীসকলে সম্পৰ্কটোক লৈ বিভিন্ন মুখৰোচক কাহিনী আলোচনা কৰি ভাল পায় ৷ কিন্তু শেহতীয়াকৈ আলিয়াই এক সাক্ষাৎকাৰত কয় যে ৰনবীৰ আৰু মোৰ মাজৰ সম্পৰ্কটো লৈ হোৱা চৰ্চাই মোক অসুবিধাত নেপেলায় ৷ লগতে আলিয়াই কয় যে মই কেতিয়াও মোৰ ব্যক্তিগত জীৱনক লৈ ভবা নাই ৷ ৰনবীৰ লগত প্ৰেমৰ সম্পৰ্কক লৈ আলিয়াই কয় যে ৰণবীৰ মোৰ জীৱনৰ এটা প্ৰয়োজনীয় অংশ ৷ মই এই অংশটোক কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰোঁ ৷

উল্লেখ্য যে,আলিয়া ভট্ট এই সময়ত ব্ৰহ্মাস্ত্ৰ,কলংক, গলী ৱাঁয়,তখত আৰু সড়ক ২ ৰ দৰে বিগ বাজেটৰ ছবিৰ দৃশ্যগ্ৰহনত ব্যস্ত আছে । ইফালে নতুন বৰ্ষটো ৰনৱীৰ আৰু আলিয়া দুয়ো একেলগে চেলিব্ৰেট কৰিলে নিউয়ৰ্কত । লগতে ব্ৰহ্মাস্তত ৰনবীৰ আৰু আলিয়া দুয়ো একেলগে অভিনয় কৰিছে ৷ অন্যহাতে আলিয়াৰ অনুভৱ হৈছে যে, অনুৰাগীসকলৰ আলিয়াৰ কামতকৈ ব্যক্তিগত জীৱনতহে বিশেষভাৱে দৃষ্টি দিছে ৷ আলিয়াই ৰনবীৰৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে সততে কোনো ধৰণৰ মন্তব্য নকৰে । কিন্তু সম্প্ৰতি অনুৰাগী সকলৰ উৎসুক দূৰ কৰিবলৈ যেন মন্তব্য কৰে আলিয়াই ৷

ইফালে ৰনবীৰ কাপুৰৰ পূৰ্বতে বিশেষকৈ দীপিকা পাডুকনৰ লগত থকা সম্পৰ্কৰ কাৰণে বিশেষ চৰ্চা লাভ কৰিছিল ৷ শেহতীয়াকৈ দীপিকা পাডুকন ৰনৱীৰ সিঙৰ লগত বিবাহ পাশত আৱদ্ধ হয় ৷ ইফালে আলিয়া ভট্টৰ নাম সিদ্ধাৰ্থ মালহোত্ৰাৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল বি টাউনত। শেহতীয়াকৈ ৰনৱীৰ আৰু আলিয়া ভট্ট প্ৰেমৰ সম্পৰ্কলৈ অহাৰ পিছতে আলিয়া আৰু দীপিকা বেষ্ট ফেণ্ড হৈ পৰে ৷ ইয়াৰ পিছত আলিয়া আৰু দীপিকাই কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান "কফী উইথ কৰণ"ত অংশ লয়। আৰু দুয়ো জীৱনৰ বিভিন্ন স্তৰ প্ৰেম,বিবাহ,ষ্টাৰডমৰ প্ৰসংগৰ কথা উল্লেখ কৰে "কফী উইথ কৰণ"ত । কিন্তু যিয়েই নহওক আলিয়া ৰনবীৰৰ অনুৰাগীয়ে বিছাৰে দৃঢ় হৈ ৰওক তেওঁলোকৰ সম্পৰ্ক।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com