মণিকৰ্নিকাৰ বিতৰ্কৰ মাজতে মী টুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিনেত্ৰী কংগনা ৰাণাউটৰ

মণিকৰ্নিকাৰ বিতৰ্কৰ মাজতে মী টুৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিনেত্ৰী কংগনা ৰাণাউটৰ

কংগনা ৰাণাউটৰ ছবি "মণিকৰ্ণিকা" সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ সম্প্ৰতি ছবিখনক লৈ কংগনা ৰাণাউট আৰু কৰণী সেনাৰ মাজত বাকযুদ্ধ চলি থকাৰ মাজতে, কংগনাৰ মহিলা সকলৰ সৱলীকৰণক লৈ দিয়া এক সাক্ষাৎকাৰ চৰ্চালৈ আহিছে ৷ বলীউডৰ লগতে বিভিন্ন ক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰা "মী টু"ৰ সন্দৰ্ভত কংগনাই কয় যে "মী টু"ৰ ওপৰত সমীক্ষা কৰাৰ প্ৰয়োজন৷মী টুৰ সন্দৰ্ভত যি ঘটনা সন্মুখলৈ আহিছে ৷সেই সমূহৰ উদ্দেশ্য আছে ৷সম্প্ৰতি বিভিন্ন জনসাধাৰণে মী টু বা এনেধৰণৰ কোনো কাৰ্য কৰা কৰাৰ আগমূহুৰ্তত ভাবিব ৷সেইসকলে এনে ধৰণৰ কাৰ্য সংঘটিত কৰিবলৈ ভয় কৰিব৷কাৰণ তেওঁলোকৰ ভয় হ’ব যে যদি কোনোয়ে ৰিপৰ্ট কৰি দিয়ে ৷

প্ৰথমতে বলীউডত বিভিন্ন জনৰ ওচৰত হাজাৰটা নাম আছিল কিন্তু সেইসকলে এই ক্ষেত্ৰত একো সিদ্ধান্ত লোৱা নাছিল ৷কিন্তু সম্প্ৰতি তেওঁলোকৰ মুখা খোল খালে ৷ লগতে ইয়াৰ উপৰিও অন্যান্য এনেধৰণৰ কিছুমান ঘটনা সংঘটিত হৈ আছে ৷যিসমূহ অত্যন্ত দুৰ্ভাগ্যজনক ৷ ইফালে ৰাণী মুখাৰ্জীয়ে মী টু"ৰ সন্দৰ্ভত দিয়া মন্তব্যৰ পিছতে সৃষ্টি হৈছিল বিতৰ্কৰ। মহিলাই যদি মহিলাসকলৰ সবলীকৰণক লৈ নেতিবাচক মন্তব্য দিয়ে তেন্তে এইটো অত্যন্ত দুৰ্ভাগ্য জনক ৷ অৱশ্যে এইটো হ’ব যে ৰাণী মুৰ্খাজীয়ে নিজৰ কথা ভালকৈ উপস্থাপন কৰিব নোৱাৰিলে৷কিন্তু ৰাণী মুখাৰ্জীয়ে যেনেদৰে নিজক আগুৱাই নিছে ৷সেয়াও সকলোৰে কাৰণ প্ৰেৰণা ৷ যিয়ে ৰাণী মুখাৰ্জীক জানে,তেওঁলোকৰ জ্ঞাত যে ৰাণী বহুত শক্তিশালী ৷এই মন্তব্য কংগনাৰ ৷

ইফালে মণিকৰ্নিকা ছবিখনক লৈ বিতৰ্ক অব্যাহত আছে ৷কৰণী সেনা আৰু কংগনা ৰানাউটৰ দুয়ো পক্ষৰ মতভেদৰ পিছত কৰণী সেনাই হুংকাৰ দিয়ে যে যদিহে কংগনাই কৰণী সেনাক ক্ষমা নোখোজে তেন্তে কৰণী সেনাই কংগনাৰ ঘৰৰ বাহিৰত প্ৰতিবাদ কৰিব ।কিন্তু সম্প্ৰতি প্ৰশাসনে কৰণী সেনাক প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি দিয়া নাই ৷ মুম্বাই পুলিছৰ মন্তব্য অনুসৰি যদি কৰণী সেনাই আইন অমান্য কৰি প্ৰতিবাদ কৰে তেন্তে আইনী ব্যৱস্থা লোৱা হ’ব ৷ অন্যহাতে কৰণী সেনাৰ ৰাষ্ট্ৰীয় মহাসচিব আনন্দ সিং ঠোকে কয় যে তেওঁৰ মণিকৰ্নিকাক লৈ কোনো অসুবিধা নাই ।কিন্তু অসুবিধা আছে কংগনা ৰাণাউটে দিয়া মন্তব্য ওপৰতহে ৷

কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে "মণিকৰ্নিকা"মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷ এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com