মুকলি হ’ল হলীউডৰ ভৌতিক ছবি এনাবেল কামছ হ’মৰ প্ৰথম প’ষ্টাৰ

মুকলি হ’ল হলীউডৰ ভৌতিক ছবি এনাবেল কামছ হ’মৰ প্ৰথম প’ষ্টাৰ
Published on

সৰ্বসাধাৰণতে ভৌতিক ছবিৰ ক্ষেত্ৰত হলীউড প্ৰায়ে শীৰ্ষত থাকে ৷ সেই কথাকেই প্ৰতিপন্ন কৰিবলৈ আহি আছে ভৌতিক ছবি এনাবেলৰ (Annabelle) তৃতীয় খণ্ডৰ এনাবেল কামছ হ’ম। মংগলবাৰে ছবিখনৰ প্ৰথম পষ্টাৰ মুকলি কৰিলে ৷ প্ৰথম প’ষ্টাৰ খনৰ পৰাই প্ৰতিপন্ন হয় যে ছবিখনে নিশ্ছয় চলচ্চিত্ৰ প্ৰেমীক আকৰ্ষণ কৰিব ৷ ২০১৪ চনত এনাবেল মুক্তি লাভ কৰিছিল ৷

২০১৭ চনত এনাবেল ক্ৰিয়েশ্যন মুক্তি লাভ কৰিছিল ৷ দুয়োখন ছবিকেই দৰ্শকে যথেষ্ট আদৰি লৈছিল ৷ ইফালে এনাবেল কামচ হ’ম মুক্তি পাব চলিত বৰ্ষৰ ২৮ জুনত ৷ এনাবেল কামছ হ’মৰ যেতিয়া ঘোষণা হৈছিল,তেতিয়া সকলোৱে ছবিখনক লৈ উৎসুকতা প্ৰদান কৰিছিল। প্ৰথম প’ষ্টাৰ খনত এনাবেল ড’লক ক্ল’চেটৰ ওপৰত বহি থকা দেখিবলৈ পোৱা যায়।

কিন্তু আপুনি যদি অতি সুক্ষ্মভাৱে চায় তেন্তে দেখিব যে এনাবেল ডলৰ ঠিক পিচতে এটি জ’কাৰ বক্স খোলা থকা দেখিবলৈ পাব ৷ তাত জ’কাৰৰ সেউজীয়া চকু দেখিবলৈ পাব। গতিকে এইসমূহ চায় অনুমাণ কৰিব পাৰি যে জ’কাৰ বক্স আৰু এনাবেলে এইবাৰো আকৰ্ষণ কৰিব দৰ্শকক ৷ উল্লেখ্য যে এনাবেল কামছ হ’মৰ পৰিচালক হৈছে গেৰী ডবৰমেন ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com