মুক্তি পালে গলী বয়ঃকিন্তু কিমান উপাৰ্জন কৰিলে ছবিখনে?

মুক্তি পালে গলী বয়ঃকিন্তু কিমান উপাৰ্জন কৰিলে ছবিখনে?

জোয়া আখতাৰৰ ছবি "গলী বয়ে" মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ৷ ট্ৰেড এনালিষ্ট তৰুণ আদৰ্শই ছবিখনে উপাৰ্জনৰ সন্দৰ্ভত কয় যে গলী বয়ৰ বক্স অফিচ সফলতা যথেষ্ট ভাল ৷ ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেন্টাইন ডেত মুক্তি পোৱা ছবিখন ভাৰতত প্ৰথমদিনাই ১৮.৭০ কোটি টকা উপাৰ্জন কৰিলে ৷ইফালে গলী বয়"ছবিখনক মুক্তি দিয়া হৈছিল ৩৩৫০ টা ছবি গৃহত ৷ ছবি খনত আলিয়া ভাট্টে ৰনৱীৰ সিঙৰ গাৰ্লফেণ্ড সফীনাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ছবিখনৰ ট্ৰেইলৰে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ ট্ৰেইলৰটোত আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছিল সকলোকে ৷

https://twitter.com/taran_adarsh/status/1095967703251136513

ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহ মনকৰিবলগীয়া ৷ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি “চিম্বা”ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে “গলী বয়”ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷প্ৰত্যেক গৰাকী নিৰ্মাতায়ে কৰা বিশ্বাসেৰ কাৰণে ছবিসমূহত জীৱন্ত অভানয় কৰাৰ কথাও উল্লেখ কৰে অভিনেতা ৰনৱীৰ সিঙে৷

উল্লেখ্য যে, ২০১৮ বৰ্ষত মুক্তি লাভ কৰা ছুপাৰহিট ছবি “পদ্মাৱত”ছবিখনে ৩০০ কোটি টকা উপাৰ্জন কৰে । লগতে “চিম্বা”ই উপাৰ্জন কৰে প্ৰায় ২০০ কোটি টকা৷উল্লেখ্য যে ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি “বেণ্ড বাজা বাৰাট”ৰ জৰিয়তে বলীউডত খোজ পেলাই ৰনৱীৰ সিঙে ৷ এই ছবিখনৰ জৰিয়তে দৰ্শকৰ যথেষ্ট মৰম বুটলিবলৈ সক্ষম হয় ৷লগতে ছবিখনৰ জৰিয়তে ফিল্ম ফেয়াৰ এৱাৰ্ডে দিয়া ডেৱিউট বেষ্ট এক্টৰ বটাঁ লাভ কৰে ৰনৱীৰে। ইয়াৰ পিছত ২০১৩ বৰ্ষত “লুটেৰা”,২০১৪ চনত “গুণ্ডে”,২০১৫ চনত “ডিল ধড়ক নে দো”,অন্যতম ৷কিন্তু ৰনৱীৰ সিঙৰ বহু চৰ্চিত ছবিসমূহ হৈছে সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৩ বৰ্ষৰ “গুলীয়ো কি ৰাসলীলা ৰাম লীলা”, ২০১৫ চনৰ মুক্তি পোৱা “বাজীৰাও মস্তানী”, এই ছবিখনত ৰনৱীৰে শ্ৰেষ্ট অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল ৷

ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি “গলী বয়”ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷উল্লেখ্য যে সততে আলিয়া ভাট্টৰ ছবিয়েও বক্স অফিচত উপাৰ্জন ক্ষেত্ৰত যথেষ্ট ধুমুহাৰ সৃষ্টি কৰে ৷গতিকে বলীউডৰ এই দুগৰাকী ছুপাষ্টাৰৰ উপস্থিতিত গলী বয়ে যে ধুমুহাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com