পাঞ্জাৱত কিছুদিন অতিবাহিত কৰাৰ পিছত "ষ্ট্ৰিট ডাঞ্চাৰ 3 ডী"ৰ সকলো কলাকুশলী ৰাওনা হৈছে লণ্ডনলৈ ৷ বৰুণ ধাৱনৰ লগতে সহশিল্পী শ্ৰদ্ধা কাপুৰৰ সহিতে ৪০ দিনৰ কাৰণে লণ্ডনত ষ্ট্ৰীট ডান্সাৰৰ দৃশ্যগ্ৰহণ কৰিছে ৷ ষ্ট্ৰীট ডাঞ্চাৰৰ কলাকুশলীসকলে ১০ ফেব্ৰুৱাৰীৰ পৰা ছবিখনৰ দৃশ্য গ্ৰহণ কৰি আছে ৷মন কৰিব লগীয়া কথা এই যে, নিৰ্মাতা সকলে লণ্ডনৰ সকলোতকৈ বৃহৎ বিলিঙত এটি গীতৰ দৃশ্য গ্ৰহণ কৰিব ৷ বলীউডৰ আটাইতকৈ ওখ ষ্টেডিয়ামত দৃশ্য গ্ৰহণ কৰা ছবিখনৰ গীতটিয়েই হৈছে ষ্ট্ৰীট ডান্সাৰ ৷এই গীতটি হৈছে এটি ৰোমান্টিক গীত ৷
অভিনেতা ৱৰুন ধাৱনে অনুৰাগী সকলৰ লগতে প্ৰশংসকক নিজৰ ইনষ্ট্ৰাগ্ৰাম একাউন্টত এটি গীতৰ দৃশ্যগ্ৰহণৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে৷দৃশ্যগ্ৰহণৰ কাৰণে বৰুণ ধাৱন আৰু শ্ৰদ্ধা কাপুৰৰ বাহিৰেও কেৱল ২০ জন লোককহে লণ্ডনৰ সেই বৃহৎ ০২ ক্ষেত্ৰলৈ যাবলৈ অনুমতি দিছিল ৷ইয়াৰ উপৰিও কলা কুশলীসকলক কৰ্তৃপক্ষই সন্তুলন ৰাখিবৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছে ৷লগতে সেই বৃহৎ অট্টালিকাটোলৈ যাবলৈ কমেও দলটোক প্ৰায় ১০মিনিট সময় লাগিছিল ৷
ৰেমো ডিছুজাৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত প্ৰভু দেৱা,নোৰা ফাতেহী,শক্তি মোহন,বৰ্তিকা ঝা,সোনম ৱাজবাৰ লগতে অভিনয় কৰিছে পুনীত পাঠকে,ধৰ্মেশ আৰু ৰাঘৱ জুৱেলে ৷ছবিখনক প্ৰথমে 3D ত শ্বুটিং কৰা হ’ব ৷পিছত 4DX লৈ পৰিৱৰ্তন কৰা হ’ব ৷ ছবিখন বিগত মাহত অমৃতসৰটো দৃশ্য গ্ৰহণ কৰা হৈছিল ৷ ছবিখন মুক্তি পাব ২০১৯ চনৰ ৮ নবেম্বৰত।
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন