সংগীত পৰিচালক অনু মালিক ইণ্ডিয়ান আইডল১১ৰ বিচাৰকৰ আসনত

সংগীত পৰিচালক অনু মালিক ইণ্ডিয়ান আইডল১১ৰ বিচাৰকৰ আসনত
Published on

সংগীত পৰিচালক অনু মালিকৰ ওপৰত বিগত সময়ত মী টুৰ জৰিয়তে যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷ এই অভিযোগৰ পিছত অনু মালিকক ইণ্ডিয়ান আইডল ১০ ৰ পৰা বহিস্কৃত কৰা হৈছিল ৷ কিন্তু সম্প্ৰতি অহা এক বিশেষ তথ্য অনুসৰি ইণ্ডিয়ান আইডলৰ ১১ৰ কাৰণে চেনেলটোৱে আকৌ সংগীত পৰিচালক অনু মালিকৰ লগত কথা পাতিছে ৷

এক বিশেষ সূত্ৰ খবৰ অনুসৰি চেনেলটোৱে আকৌ এবাৰ বিচাৰকৰ আসনত অনু মালিকক বিচাৰিছে ৷ বিগত সময়ত গায়িকা সোনা মহাপাত্ৰ আৰু শ্বেতা পণ্ডিতে অনুমালিকৰ ওপৰত মী টুৰ আৰোপ লগাইছিল ৷ ইয়াৰ পিছত চেনেলৰ কৰ্তৃপক্ষই অনু মালিকক বিচাৰকৰ আসনৰ পৰা বহিস্কৃত কৰিবৰ কাৰণে ঘোষণা কৰে ।

https://twitter.com/ShwetaPandit7/status/1052490035407204353?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1052490035407204353%7Ctwgr%5E393039363b74776565745f6d65646961&ref_url=https%3A%2F%2Fwww.sentinelassam.com%2Fnews%2Fanu-malik-set-to-return-as-indian-idol-11-judge-after-his-departure-due-to-metoo-allegations-last-year%2F

অন্যহাতে, শ্বেতা পণ্ডিতে মী টু ৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যেতিয়া শ্বেতা পণ্ডিত ১৫ বছৰীয়া আছিল তেতিয়া সংগীত পৰিচালক অনু মালিকে গায়িকা গৰাকীক চুম্বন কৰিবৰ কাৰণে কৈছিল ।সেই সময়তে সোনা মহাপাত্ৰই ইনষ্টাগ্ৰাম একাউন্টত উল্লেখ কৰিছিল যে মই সকলো যুৱতী আৰু মহিলাসকলক কৈলাশ খেৰ আৰু অনু মালিকৰ দৰে মানুহৰ পৰা সাৱধান হওঁক ৷ ইয়াৰ পিছত গায়িকাগৰাকীয়ে এক টুইটৰ জৰিয়তে অনু মালিকৰ বিৰুদ্ধে তদন্ত ল’বৰ কাৰণে আহ্বান কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com