স্বামী নিক জ’নাছৰ লগত মেটগালাত উপস্থিত বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাঃ চৰ্চা অব্যাহত

স্বামী নিক জ’নাছৰ লগত মেটগালাত উপস্থিত বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাঃ চৰ্চা অব্যাহত
Published on

বলীউডৰ তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা স্বামী নিক জ’নাছৰ লগত উপস্থিত হ’ল ৭২ সংখ্যক মেট গালা অনুষ্ঠানত। প্ৰিয়াংকা চোপ্ৰাই গ্ৰে,হালধীয়া আৰু পিংক ৰঙৰ গাউন চোপাৰ্ড ব্ৰেণ্ডত জুৱেলাৰী আৰু এটা ক্ৰাউন পৰিধান কৰি আছিল ৷ প্ৰিয়াংকা চোপ্ৰাৰ লুক ২০১০ চনত মুক্তি প্ৰাপ্ত ছবি এলিছ ইন ৱউনণ্ডাৰলেণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈছিল ৷ইফালে বগা চ্যুট পৰিধান কৰি প্ৰিয়াংকাৰ লগত দেখা গ’ল প্ৰিয়াংকাৰ স্বামী নিক জ’নাছক । অন্যহাতে প্ৰিয়াংকা চোপ্ৰাই মেটগালাৰ লুক ছ’চিয়েল মিডিয়াত অনুৰাগীলৈ বুলি আগবঢ়াইছিল ৷

https://www.instagram.com/p/BxJZm3VHuF5/

https://www.instagram.com/p/BxJ7rTZHmGz/

কিন্তু ইয়াৰ জৰিয়তে যথেষ্ট চৰ্চাৰ সন্মুখীন হয় প্ৰিয়াংকা চোপ্ৰা ৷ কিন্তু প্ৰিয়াংকা চোপ্ৰাৰ মেটগালাত এই লুক নতুন নহয় ৷পূৰ্বতেও মেট গালাত উপস্থিত হৈছে প্ৰিয়াংকা চোপ্ৰা। নিক জ’নাছৰ লগত বিয়াৰ পিছত একেলগে মেটগালাত উপস্থিত হৈছে প্ৰিয়াংকা ৷২০১৭ আৰু ২০১৯ চনত মেটগালা ইভেন্টত অংশ লৈছিল প্ৰিয়াংকই ৷ উল্লেখ্য যে ২০১৭ চনত নিক জ’নাছ প্ৰথমবাৰৰ মেটগালাত উপস্থিত হয় আৰু তাতেই প্ৰিয়াংকাৰ সৈতে প্ৰথম মিলিত হৈছে নিক। ইফালে প্ৰিয়াংকা নিকৰ লগতে মেটগালাত উপস্থিত হয় বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন ৷

দীপিকা পাডুকনৰ লুকও এইবাৰ মেটগালা ইভেন্টত চৰ্চা লাভ কৰিছে ৷দীপিকা পিংক ৰঙৰ এটি ড্ৰেছত মেট গালাত উপস্থিত হয় ।অভিনেত্ৰী গৰাকীক কোনো পৰীতকৈ কম লগা নাছিল ৷ দীপিকা পাডুকন সম্প্ৰতি ব্যস্ত আছে ছ’পাক ছবিৰ দৃশ্য গ্ৰহণত ৷নিজৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা সময় উলিয়াই দীপিকা উপস্থিত হয় নিউয়ৰ্কত ৷ছ’পাৰ ছবিৰ কাৰণে দীপিকাই অত্যন্ত সাধাৰণ ভাৱেই মেটগালত পদাৰ্পন কৰে ৷

কষ্টিউম ইনষ্টিউড গালাক মেট গালা বুলি কোৱা হয় ।নিউয়ৰ্ক চহৰত মেট্ৰ’পলিটন মিউজিয়াম অফ আৰ্ট কষ্টিউম ইনষ্টিউডৰ এক বাৰ্ষিক সমাৰোহ মেট গালা ৷ এই সমাৰোহত প্ৰসিদ্ধ ডিজাইনাৰ,অভিনেতা,অভিনেত্ৰী আৰু গায়ক সকল দেখা যায়। উল্লেখ্য যে বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু দীপিকা পাডুকনৰ উপৰিও এই সমাৰোহত উপস্থিত থাকে গায়িকা লেডী গাগা,লেডী গাগা,চেলিন দিঅ’ন আদি ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com