সৰু পৰ্দাৰ উপাৰ্জনৰ শীৰ্ষত ভাৰতী সিং: ফ’ৰ্বচে প্ৰকাশ কৰিলে তালিকা

সৰু পৰ্দাৰ উপাৰ্জনৰ শীৰ্ষত ভাৰতী সিং: ফ’ৰ্বচে প্ৰকাশ কৰিলে তালিকা

জনপ্ৰিয় ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰিছে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতাসকলৰ উপাৰ্জনৰ তালিকা ৷ উপাৰ্জনৰ শীৰ্ষত আছে জনপ্ৰিয় কমেডীয়ান ভাৰতী সিং৷ইফালে ফ’ৰ্বচে এই উপাৰ্জনৰ তালিকা প্ৰকাশ কৰিছে,সৰু পৰ্দাৰ চেলিব্ৰেটীসকলে ২০১৭ বৰ্ষৰ ১ অক্টোবৰৰ পৰা ২০১৮ বৰ্ষৰ ৩০ চেপ্তম্বৰলৈকে কৰা উপাৰ্জনৰ ভিত্তিত ৷ দেশৰ বিভিন্ন চেলীবেট্ৰীসকলৰ ভিতৰত সৰু পৰ্দাৰ চেলীব্ৰেটীসকলৰ উপাৰ্জনৰ স্থান এই ক্ষেত্ৰত উল্লেখ্যনীয় ৷ ফ’ৰ্বছে প্ৰকাশ কৰা এই তালিকাখনে সৰু পৰ্দাৰ ৯ গৰাকী চেলিব্ৰেটীয়ে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

১.ভাৰতী সিং

জনপ্ৰিয় কমেডীয়ান ভাৰতী সিঙৰ ২০১৭ বৰ্ষৰ ১ অক্টোবৰৰ পৰা ২০১৮ বৰ্ষৰ ৩০ চেপ্তম্বৰলৈ উপাৰ্জন কৰে ১৩.৯৫ কোটি টকা৷ ফ’ৰ্বচত ভাৰতীৰ স্থান হৈছে ৭৪ তম স্থান ৷

২.সুনীল গ্ৰোবৰ

অভিনেতা তথা কমেডীয়ান সুনীল গ্ৰোবেৰ উপাৰ্জন হৈছে প্ৰায় ১১.৮১ কোটি টকা৷উল্লেখ্য যে সুনীলে চলমানখানৰ "ভাৰত"ত অভিনয় কৰিছে ৷ সুনীল গ্ৰোবৰৰ ফ’ৰ্বচত স্থান ৮২৷

৩.কৰণ কুন্দ্ৰা

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা কৰণ কুন্দ্ৰাই উপাৰ্জন কৰে ১১.০১ কোটি টকা ৷ফ’ৰ্বছত কৰণৰ স্থান ৮৪ ৷

৪.কৃষ্ণা অভিষেক

অভিনেতা তথা কমেডীয়ান কৃষ্ণা অভিষেকৰ উপাৰ্জন ১০.৯৭ কোটি টকা ৷ ফ’ৰ্বছত কৃষ্ণাৰ উপাৰ্জনৰ স্থান হ’ল ৮৬৷

৫.ৰাম কাপুৰ

জনপ্ৰিয় সৰু পৰ্দাৰ অভিনেতা,ছবি তথা ৱেবছিৰীজৰ অভিনেতা ৰাম কাপুৰৰ উপাৰ্জন ৮.৯৭ কোটি টকা৷ ফ’ৰ্বছত ৰাম কাপুৰৰ স্থান ৯১৷

৬. আলী অসগৰ

কমেডীয়ান তথা অভিনেতা আলী অসগৰৰ উপাৰ্জন ৮.২ কোটি টকা৷ইয়াৰ লগে লগে ফ’ৰ্বছত আলীৰ স্থান ৯২ ৷

৭.দিব্যাংকা ত্ৰিপাঠী দাহিয়া

সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল "য়ে হ্যে মহাবাত্যে"ৰ সকলো দৰ্শকৰ প্ৰিয় অভিনেত্ৰী ইশ্বিতাই উপাৰ্জন কৰে ৭.৮ কোটি ৷ লগতে,ফ’ৰ্বচ আলোচনীত দিব্যাংকাৰ স্থান হৈছে ৯৪ ৷

অন্যহাতে জনপ্ৰিয় লেখক চেতন ভগত আৰু অমিষ ত্ৰিপাঠীও ফ’ৰ্বছৰ তালিকাত নিজৰ নাম দখল কৰিবলৈ সক্ষম হৈছে ৷ "টু ষ্টেট"ৰ দৰে গ্ৰন্থ তথা ছবিৰ জৰিয়তে চেতন ভগতে ৮.৭৫ কোটি টকা উপাৰ্জন কৰি নিজৰ নাম ফ’ৰ্বচত ৯৫ তম স্থানত ৰাখিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ভিতৰত অমিষে ৬.৫ কোটি টকা উপাৰ্জন কৰি নিজৰ নাম ৯৫ তম স্থানত ৰাখিবলৈ সক্ষম হৈছে ৷ অন্যহাতে ৩১ কোটি টকা উপাৰ্জন কৰি পৱন কল্যানে দখল কৰিছে ২৪ নম্বৰ স্থান৷অভিনেতা চিৰঞ্জীৱৰ কনিষ্ঠ ভ্ৰাতৃ পৱন কল্যান আছিল তেলেগু ছবিৰ অভিনেতা ৷ সম্প্ৰতি,পৱন কল্যানে অন্ধ্ৰপ্ৰদেশত জন সেনা পাৰ্টী নিৰ্মাণ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com