২১ অক্টোবৰত মুক্তি পাব "চিদনাজ"ৰ এক আধৰুৱা মিউজিক এলবাম "অধুৰা"-ই

২১ অক্টোবৰত মুক্তি পাব "চিদনাজ"ৰ এক আধৰুৱা মিউজিক এলবাম "অধুৰা"-ই

এই এলবাম মুক্তি দিয়া হ'ব এই বছৰৰ ছেপ্তেম্বৰত অকাল বিয়োগ ঘটা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সোঁৱৰণত।
Published on

"চিদনাজ"ৰ অনুৰাগীসকলৰ বাবে এটি সুখবৰ। "সাৰেগামা"ৰ প্ৰচেষ্টাত অতি সোনকালেই মুক্তি লাভ কৰিব প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু চেহনাজ গীল অভিনীত এটি মিউজিক এলবাম "অধুৰা"-ই। এই এলবাম মুক্তি দিয়া হ'ব এই বছৰৰ ছেপ্তেম্বৰত অকাল বিয়োগ ঘটা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সোঁৱৰণত।

এই এলবামৰ কাম এই বছৰৰ প্ৰথম ভাগতে আৰম্ভ কৰা হৈছিল যদিও, কিছু অজ্ঞাত কাৰণবএই এলবাম মুক্তি দিয়া হ'ব এই বছৰৰ ছেপ্তেম্বৰত অকাল বিয়োগ ঘটা অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ সোঁৱৰণত।

তঃ ইয়াৰ কাম আধৰুৱা হৈ ৰৈছিল। কিন্তু নিজৰ প্ৰিয় অভিনেতা গৰাকীক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত চোৱাৰ দাবীক ৰক্ষা কৰি এই এলবাম মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গীতটোৰ অসম্পূৰ্ণ হৈ ৰোৱা কামৰ বাবেই ইয়াৰ নাম ৰখা হৈছে "অধুৰা"।

গীতটোৰ নিৰ্মাতা সকলে কয় যে, গীতটোৰ মুকলিৰ বাবে বহুতৰে পৰা তেওঁলোকে আবেদন পাইছিল। গীতটোৰ মুকলি হোৱা পষ্টাৰ খনত দেখিবলৈ পোৱা যায় এডাল জ্বলন্ত ম'মৰ

প্ৰতিচ্ছবি, আৰু লগতে এটি শব্দ, "অধুৰা", আৰু তাৰ লগতে আছে কেইশাৰী মান সংলাপ, "এটি আধৰুৱা গান, এটি আধৰুৱা কাহিনী। এটি "চিদনাজ" গান।

গীতটো ৰচনা কৰিছে, শ্ৰেয়া ঘোষাল আৰু অৰ্কই, আৰু এই গীত মুকলি কৰা হ'ব ইউটিউব আৰু অন্য সংগীত প্লেটফৰ্ম সমূহত, অহা ২১অক্টোবৰত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com