Begin typing your search above and press return to search.

ৱাশ্বিংটনত চলচ্চিত্ৰ মহোৎসৱত আদিল হুছেইনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ

অভিনেতাজনে "ৰাহগীৰ" ছবিখনত কৰা অভিনয়ৰ বাবে এই বঁটা লাভ কৰে।

ৱাশ্বিংটনত চলচ্চিত্ৰ মহোৎসৱত আদিল হুছেইনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 6:09 AM GMT

আমেৰিকাৰ ৱাশ্বিংটন ডিচিৰ দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা অৰ্জন কৰি পুনৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে যশস্বী অভিনেতা আদিন হুছেইনে। অভিনেতাজনে "ৰাহগীৰ" ছবিখনত কৰা অভিনয়ৰ বাবে এই বঁটা লাভ কৰে। এই খবৰ হুছেইনে নিজেই তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰে, যাৰ শিৰোনাম হৈছে, "#WashintonDCSouthAsianFilmFestival @DCSAFF ধন্যবাদ #Raahgir আমাৰ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাপুৰুষৰ বঁটা লাভ কৰি মই আনন্দিত। শ্ৰেষ্ঠ পৰিচালক মৰমৰ #GautamGhose, #BestActor মহিলা @TillotamaShome #BestFilm #Raahgir। উদযাপন কৰিব নেকি? প্ৰযোজক @itsamitagarwal??"

"ৰাহগীৰ" চলচ্চিত্ৰ নিৰ্মাতা গৌতম ঘোষৰ দ্বাৰা পৰিচালিত আৰু উক্ত চলচ্চিত্ৰ মহোৎসৱত ৪ টা বঁটা লাভ কৰিছে। চলচ্চিত্ৰখনত গ্ৰাম্য ভাৰতৰ জনসাধাৰণৰ জীৱনৰ চিত্ৰ অংকিত হৈছে । চলচ্চিত্ৰখনে শ্ৰেষ্ঠ কাহিনী চিত্ৰ খিতাপো অৰ্জন কৰিছে আৰু ঘোষক শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হৈছে।

Next Story