Begin typing your search above and press return to search.

পেৰিছ ফেশ্বন সপ্তাহঃ অপৰূপ সাজপাৰেৰে উজলিল ঐশ্বৰ্যা ৰায়

দীঘলীয়া বিৰতিৰ পাছত নতুন এক উদ্যমেৰে আগতকৈ বেছি আকৰ্ষণীয় ৰূপত আবিৰ্ভাৱ হৈছে অভিনেত্ৰীগৰাকীৰ।

পেৰিছ ফেশ্বন সপ্তাহঃ অপৰূপ সাজপাৰেৰে উজলিল ঐশ্বৰ্যা ৰায়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2021 8:32 AM GMT

শুধ বগা সাজেৰে পেৰিছ ফেশ্বন ৱীক ৰেম্পট আলোড়নৰ সৃষ্টি কৰিলে বলিউডৰ সুন্দৰী অভিনেত্ৰী ঐশ্বৰ্যাা ৰায়ে। নিজৰ আকৰ্ষণীয় ৰূপেৰে অনুৰাগীৰসকলৰ মনত তৃপ্তি যোগালে অভিনেত্ৰীগৰাকীয়ে।





অভিনেত্ৰীগৰাকীয়ে এই লুকক সম্পূৰ্ণ কৰিলে ওঁঠত ফুচ্চিয়া লিপষ্টিকেৰে ৰং বুলাই আৰু চুলিক দিলে কাষৰ পৰা ফলা সাগৰীয় ঢৌ তোলা এটি আকৰ্ষণীয় ৰূপ।

সম্পূৰ্ণ বগা সাজে মঞ্চত অভিনেত্ৰীগৰাকীৰ অৱতাৰণা সঁচাকৈয়ে নাটকীয় আছিল। অভিনেত্ৰীগৰাকীৰ এই মোহনীয় ৰূপক বিভিন্ন প্ৰশংসা বাৰ্তাৰে উপচাই পেলাইছে। দীঘলীয়া বিৰতিৰ পাছত নতুন এক উদ্যমেৰে আগতকৈ বেছি আকৰ্ষণীয় ৰূপত আবিৰ্ভাৱ হৈছে অভিনেত্ৰীগৰাকীৰ।






পেৰিছৰ আইফেল টাৱাৰৰ সন্মুখত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত "লৰিয়েল পেৰিছ"ৰ সকলো ব্ৰেণ্ড এম্বেচাদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছিল, আৰু শ্ব' টোৰ অন্তত অন্য অংশগ্ৰহণকাৰী সহ ঐশ্বৰ্য্য ৰায়ক মঞ্চত হেলেন মিৰেন আৰু আম্বেৰ হাৰ্ডৰ সৈতে দেখা গ'ল অন্তিম প্ৰণাম জনোৱাৰ বাবে।


আৰু পঢ়িব পাৰেঃ অভিনেতা মনোজ বাজপেয়ীৰ পিতৃৰ বিয়োগঃ বন্ধুবৰ্গ-অনুৰাগীয়ে জনালে সমবেদনা

Next Story
চাকৰি