অনুভৱ সিনহাৰ নতুন ছবি "ভীড়ঃ অভিনয়ত আছে ৰাজকুমাৰ ৰাৱো
এই ছবিত সিনহাৰ সৈতে যুটীয়াভাবে কাম কৰিব ভূষণ কুমাৰে।

চলচ্চিত্ৰ নিৰ্মাতা অনুভৱ সিনহাই সদায়ে অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে কাম কৰাৰ সপোন দেখিছিল। আৰু সম্প্ৰতি এই সপোন সফল হোৱাৰ সুবিধা দিলে এটি নতুন প্ৰকল্পই । যাৰ নাম "ভীড়"।
যোৱা শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত চলচ্চিত্ৰ নিৰ্মাতা অনুভৱ সিনহাই প্ৰকাশ কৰিলে তেওঁৰ আহিবলগীয়া নতুন ছবিৰ বিষয়ে। ছবিখনৰ মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওক।
আৰু পঢিব পাৰেঃ কেজৰিৱালৰ বাসভৱনৰ ওচৰত প্ৰতিবাদ কৰোঁতে আহত বিজেপি সাংসদ মনোজ তিৱাৰী
৫৬বছৰীয়া চলচ্চিত্ৰ নিৰ্মাতা গৰাকী জনপ্ৰসিদ্ধ নিজৰ ভিন্ন কাহিনী বাছনিৰ বাবে। তেওঁ ব্যক্ত কৰে , ""ভীড়" হৈছে এনে এক কাহিনী য'ত কাম কৰিবলৈ সকলো উত্তাৱল হৈ উঠে। কিন্তু মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল ছবিখনৰ চৰিত্ৰখিনীক জীৱন্ত ৰূপ দিয়াৰ। ৰাজ বৰ্তমান সময়ৰ এজন সফল অভিনেতা। যিকোনো চৰিত্ৰকে অনাসায়ে ৰূপায়ন দিয়াৰ অৰ্হতা তেওঁৰ আছে। মই সদায়ে মনোবাঞ্ছা আছিল তেওঁৰ সতে কাম কৰাৰ, আৰু এই নতুন প্ৰকল্পটোৱে মোক এই সুযোগ দিলে"।
এই ছবিত সিনহাৰ সৈতে যুটীয়াভাবে কাম কৰিব ভূষণ কুমাৰে। ২০২০চনৰ শীৰ্ষত থকা ছবি "থাপ্পদ"টো তেওঁ ভূষণ কুমাৰৰ সৈতে কাম কৰিছিল, তেওঁ কয় যে, "তেওঁৰ সৈতে কাম কৰাৰ সুযোগ পায় মই নিজকে ধন্য অনুভৱ কৰোঁ। কামৰ ক্ষেত্ৰত তেওঁ অতিকৈ দৃঢ় আৰু শক্তিশালী"।
এই প্ৰসঙ্গত অভিনেতা ৰাজকুমাৰ ৰাওয়ে কয়, "অনুভৱ সিনহা নিজৰ ভিন্ন কাহিনীৰ বাবে অতিকৈ প্ৰসিদ্ধ"।
"তেওঁৰ সৈতে কাম কৰিবলৈ মই অতিকৈ আশাবাদী। তেঁওৰ দৰে এজন নিৰ্মাতাৰ সৈতে কাম কৰিবলৈ পোৱাটো এক সৌভাগ্যৰ কথা। আৰু "লুদু"ৰ সাফল্যৰ পাছত ভূষণ কুমাৰৰ সৈতে পুনৰ এবাৰ কাম কৰাটো নিজৰ ঘৰলৈ ঘূৰি অহাৰ দৰে অনুভৱ হৈছে" - ৩৭বছৰীয়া অভিনেতা গৰাকীয়ে মনৰ ভাৱ ব্যক্ত কৰি কয়।
লগতে তেওঁ যোগ কৰে, "এজন মনোৰঞ্জন হিচাপেও মই বিচাৰো যে মানুহে মোৰ কামৰ বিষয়ে শলাগ লয়। ছবিখনৰ চৰিত্ৰটো এজন শিল্পী হিচাপেও মোৰ বাবে এক প্ৰত্যাহ্বানৰ বিষয়। চিত্ৰগ্ৰহণৰ আৰম্ভণি আৰু চৰিত্ৰটোৰ ঢৌ নিজকে এৰি দিবলৈ মই ৰব প'ৰা নাই"।
"ভীড়" ছবিৰ চিত্ৰগ্ৰহণৰ কাম নৱেম্বৰআহৰ পৰা প্ৰাৰম্ভ হ'ব, আৰু ইয়াক চিত্ৰগ্ৰহণ কৰা হ'ব লক্ষ্ণৌৰ ভিন্ন প্ৰান্তত।