৪৯ বছৰ পূৰ্ণ কৰিলে যশস্বী অভিনেতা অৰ্জুন ৰামপালে, বিভিন্নজনৰ শুভেচ্ছা

৪৯ বছৰ পূৰ্ণ কৰিলে যশস্বী অভিনেতা অৰ্জুন ৰামপালে,  বিভিন্নজনৰ শুভেচ্ছা
Published on

আজি জীৱনৰ ৪৯ বছৰ পূৰ্ণ কৰে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেতা অৰ্জুন ৰামপালে ৷ উল্লেখ্য যে ১৯৭২ৰ ২৬ নৱেম্বৰত মধ্য প্ৰদেশৰ জবলপুৰত ৰামপালৰ জন্ম হয় ৷ জন্মদিন উপলক্ষে বিভিন্নজনে তেওঁক শুভেচ্ছা জনাইছে ৷ 

জনপ্ৰিয় অভিনেতাজনক তেওঁৰ পত্নী গেব্ৰিয়েলা ডিমেট্ৰাইডেও সামাজিক মাধ্যমযোগে শুভেচ্ছা জনায়। ৪০ খনৰো অদিক ছবিৰ অভিনয়ৰ জৰিয়তে ভাৰতী. ছবিলৈ অনবদ্য বৰঙণি আগবঢ়াইছে।  তেওঁ অভিনয় কৰা বহু ছবি হিট হৈছে। ৰামপালৰ মডেল আৰু প্ৰযোজকৰূপেও খ্যাতি আছে। ২০০১ত তেওঁ প্যাৰ ইছক ঔৰ মহাব্বত ছবিৰ জৰিয়তে হিন্দী ছবিত ভুমুকি মাৰে। ২০০২ৰ আঁখে  ছবিৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে বাণিজ্যিক সফলতা অৰ্জন কৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com