এজন স্বামী, দুগৰাকী পত্নী ! কিন্তু তথাপিও নাই কোনো কাজিয়া-ভেদভাৱ ! তিনিওজনৰে সুখৰ সংসাৰ, পিছে কোন এই আজৱ দম্পতি ?
ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেই তেওঁলোকৰ যুটি !

সঁচাকৈ আজৱ দুনীয়া। ক'ত কি হৈ থাকে ধৰিবই নোৱাৰি!কেতিয়াবা দেখা যায়, কোনোৱে গীত গাই ভাইৰেল হৈছে নতুবা নাচি ভাইৰেল হৈছে। কিন্তু এতিয়া এটা নতুন কাহিনী পোহৰলৈ আহিছে। যাৰ ভাইৰেল হোৱাৰ কাহিনী ব্যতিক্ৰম । আৰমান, পায়েল আৰু কৃতিকা মালিকৰ এই কাহিনী।
তেওঁলোক তিনিওজনেই ছচিয়েল মিডিয়া ষ্টাৰ। টিকটক ভিডিও প্ৰস্তুত কৰি সকলোৰে সমুখলৈ আহিছিল তিনিওজন। টিকটকৰ পিছত ইনষ্টাগ্ৰামতো জনপ্ৰিয় তেওঁলোকৰ যুটি। বাস্তৱ জীৱনতো এই তিনিওজনৰ স্বামী-স্ত্ৰীৰ সম্পৰ্ক। পায়েল আৰু কৃতিকাই বিয়া কৰাইছে আৰমান মালিকক। পায়েল আৰু আৰমানৰ এটা পাঁচবছৰীয়া সন্তানো আছে। তিনিওজনৰে সুখৰ সংসাৰ।
আচৰিত কথাতো হ'ল যে, কৃতিকা আৰু পায়েল শৈশৱৰ বান্ধৱী। অৰমান আৰু পায়েল প্ৰেমৰ সম্পৰ্কৰ পাছত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিয়াৰ ছয় বছৰ পাৰ হ'ল। তেওঁলোকৰ এটা পুত্ৰও আছে। তাৰ পিছত কাহিনীটোত এটা নতুন পাক লয়। অৰমানে পায়েলৰ আটাইতকৈ ভাল বান্ধৱী কৃতিকাক এখন বিয়াত প্ৰথমবাৰলৈ চিনাকী হৈছিল।আৰু হৈছিল প্ৰথম চাওনিতে প্ৰেম।
ইফালে, পায়েলে তেওঁৰ স্বামী আৰু বান্ধৱীৰ প্ৰেমৰ বিষয়ে জানিব পাৰিলে। তাৰ পিছত পায়েলে যি কৰিলে, সেয়া জানিলে আপুনি নিশ্চয়কৈ আচৰিত হ'ব। পায়েলে নিজৰ স্বামীক কৃতিকাৰ সৈতে বিয়া কৰাই দিলে। কিন্তু এইটো ইয়াতে শেষ নহয়। তিনিও একেটা ঘৰত বাস কৰিবলৈ আৰম্ভ কৰে। এতিয়া তিনিও একেলগে ভিডিও প্ৰস্তুত কৰে। যৌনতা, প্ৰেম বা পৰিয়ালৰ বিষয়ে এই তিনিজন লোকৰ মাজত কোনো বিবাদ নাই। তেওঁলোকৰ আৱেগিক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
লগতে পঢ়ক:চাওঁক: বিহাৰৰ 'জোতা দলিওৱা হোলী'ৰ ভাইৰেল ক্লিপ