Begin typing your search above and press return to search.

সাত বছৰীয়া প্ৰণয়ৰ সফল পৰিণতিঃ দীপিকা-ৰণবীৰৰ বিয়া

ন্তু তেওঁলোকৰ সৈতে দীপিকাৰ সম্পৰ্ক অধিক দিন নিটিকিল। কিন্তু ৰণবীৰ সিঙৰ ক্ষেত্ৰত সলনি হ’ল সকলো হিচাপ।

সাত বছৰীয়া প্ৰণয়ৰ সফল পৰিণতিঃ দীপিকা-ৰণবীৰৰ বিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2020 7:18 AM GMT

সাত বছৰীয়া প্ৰণয়ৰ অন্ত পৰিল বলিউডৰ এহাল যুটিৰ। ৰণবীৰ সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ আগবাঢ়ি আহিল মোহময়ী দীপিকা পাড়ুকন। দীৰ্ঘ সাত বছৰৰ প্ৰেম-ৰোমান্সৰ পাছত দুয়োৰে যুগ্মজীৱনৰ পাতনি মেলে। উল্লেখ্য যে পূৰ্বে জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ ৰণবীৰ কাপুৰ, সিদ্ধাৰ্থ মালিয়া, যুৱৰাজ সিং, নিহাৰ পাণ্ডেৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ সৈতে দীপিকাৰ সম্পৰ্ক অধিক দিন নিটিকিল। কিন্তু ৰণবীৰ সিঙৰ ক্ষেত্ৰত সলনি হ'ল সকলো হিচাপ।

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে দীপিকাৰ এটা পুৰণি সাক্ষাৎকাৰৰ ভিডিঅ' ক্লিপ। ভিডিঅ'টোত দীপিকাই ৰণবীৰ সিঙৰ সৈতে সম্পৰ্কৰ বহু কথা কৈছে। ভিডিঅটোত দীপিকাই কৈছে, 'ৰণবীৰ সকলোতকৈ পৃথক। তেওঁৰ সৈতে বিয়া হোৱাৰ বহু কাৰণ আছে। তেওঁ জানে কাক কেনেকৈ সন্মান কৰিব লাগে। তেওঁ মোৰ কাম, টকা সকলোকে সন্মান কৰে। আজি ৰণবীৰে প্ৰতি মুহূৰ্ততে মোক উৎসাহিত কৰিছে। আনকি বিয়াৰ পিছতো মই বহুদিন ঘৰত থকা নাই, তেতিয়াও কিন্তু তেওঁ মোক সমৰ্থন কৰিছে। ৰণবীৰ ভাল মানুহ।

Next Story
চাকৰি